লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেছনেলৰ চতুৰ্থত্বম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।
লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে ভি পি আইৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মহম্মদ ফজলুৰ ৰহমানে তথা ছহিদ তৰ্পন কৰে ধেমাজি জিলা সমিতিৰ সভাপতি নবীন গগৈয়ে ।
অসম প্ৰদেশৰ সভাপতি গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
তেওঁ অপশাসন আৰু ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰখনক এইবাৰ অসমৰ পৰা বিদায় দি ভোটাৰ সকলৰ হৈ নিস্বাৰ্থভাৱে কাম কৰি অহা ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেছনেলক শাসনলৈ আনিবলৈ আহ্বান জনায় ।
আনহাতে অসমৰ ১০০ টা বিধানসভা সমষ্টিত ভি পি আয়ে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি জানিবলৈ দিয়ে নেতৃত্বই ।
পল্লব মিলি/লখিমপুৰ
