ৰাস পূণিমাত কৃষ্ণ বন্দনাৰে মুখৰিত কৰি গকুল , মথুৰা, বৃন্দাবন লৈ পৰ্যবসিত সত্ৰ পীঠ মাজুলী
আধ্যাত্মিক, পৰম্পৰা ,ঐতিহ্য বহনকৰি সত্ৰ পীঠ মাজুলীত কালিৰে পৰা আৰম্ভ হোৱা ৰাসে মাজুলীত
কৃষ্ণ ভক্তিৰে মুখৰিত কৰি তুলিছে ।
মাজুলীৰ ৩৪ খন ৰাস মঞ্চত কালি একেলগে আৰম্ভ হোৱা শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাস লীলাত শ্ৰী কৃষ্ণৰ ভূৱন
ভূলুৱা বাঁহীৰ সূৰ, বাসুদেৱ দৈবকীৰ বিবাহ , কংসৰ ৰাজ সভা , কাৰাগাৰত দৈৱকীৰ গৰ্ভত কৃষ্ণৰ জন্ম,
কংসৰ ভয়ত ঘোৰ অন্ধকাৰ নিশা শিলা বিষ্টিৰ মাজেৰে ভৰা যমুনা পাৰ হৈ কৃষ্ণক গকুলললৈ সুৰক্ষাৰ
কাৰণে নিয়া , দধি মথন,নন্দুৎসৱ,গোপ শিশুৰ কেলি , গোপবালক,কংসৰ অনুচৰ সকলৰ দপদপনি,
ৰাক্ষসী আৰু মোহিনী পুতনা, কালীয়া দমন আৰু ষোল্লশ গোপীৰ সতে বৃন্দাবনত শ্ৰীকৃষ্ণৰ কেলি আদি
বাস্তৱিক অভিনয় আদিয়ে অতি সভক্তিৰে আৰু অধাত্মিক চেতনাৰ উদযাপনৰ কৰা কৃষ্ণ লীলাই মাজুলী
পৰ্যবসিত হৈ পৰিছে গকুল মথুৰা আৰু বৃন্দাবনলৈ।