Share on Facebook

সদৌ অসম ট্ৰাইবেল সংঘৰ জ'নাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক সাধাৰণ অধিবেশন সম্পন্ন ৷

 সদৌ অসম ট্ৰাইবেল সংঘৰ জ'নাই জিলা সমিতিৰ  তৃতীয় ত্ৰিবাৰ্ষিক সাধাৰণ অধিবেশন সম্পন্ন ৷



  আজি সদৌ অসম ট্ৰাইবেল সংঘ জ'নাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক সাধাৰণ অধিবেশন ধেমাজী জিলাৰ জ'নাইৰ লেকু জেলমৰ Skill Development Center ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন কৰা হয় ৷ 


 নিৰ্ধাৰিত কাৰ্যসূচী মতে প্ৰথমে সংঘৰ পতাকা উত্তোলন কৰে জ'নাই জিলা সমিতি সভাপতি অজিত ৰেগন আৰু ১৫ খন প্ৰাথমিক সমিতিৰ সভাপতি - সম্পাদক সকলে ৷ দ্বিতীয় কাৰ্যসূচী মতে   স্মৃতি তৰ্পণ কৰে  মনোৰঞ্জন বসুমতাৰীয়ে ৷ প্ৰতিনিধি Hall উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা MAC ৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে ৷ প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নন্দেশ্বৰ ৰেগনে ৷ প্ৰতিনিধি সভা  উদ্বোধন কৰি ৰেগন দেৱে কয় ট্ৰাইবেল সংঘই অসমৰ জনজাতি সকলৰ কলা- সংস্কৃতি ; ভূমি আদি সুৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি এক আপোচ  বিহীন সংগ্ৰাম অব্যাহত ৰাখিছে ৷ প্ৰতিনিধি সভাত জিলা সমিতিৰ সাধাৰণ সম্পাদক পদ্মেশ্বৰ দলে এক দীঘলীয়া প্ৰতিবেদন পাঠ কৰি নিজা কাৰ্যকালৰ খতিয়ান ডাঙি ধৰে ৷ আজিৰ সভাত Tribal voice of Jonai নামৰ  কৰবী দলেয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ  এখন উন্মোচন কৰে ট্ৰাইবেল সংঘ জ'নাই জিলা সমিতিৰ প্ৰাক্তন উপ - সভাপতি ভূমিধৰ বড়োৱে ৷


 দিনৰ ভাগত  আমন্ত্ৰিত অতিথি আদিত্য খাকলাৰী , ৰিমল আমচি , দিৰেন ইংতি ৰাজু মেদক আদিক বিভিন্ন জনজাতীয় সাংস্কৃতিক দলে শোভাযাত্ৰা কৰি আদৰি আনে ৷The problems of Tribal People of Assam  & the roles of all Assam Tribal Sangha বিষয় হিচাপে লৈ এখন আলোচনা চক্ৰ অনুস্হিত হয় ৷ আলোচনা চক্ৰ উদ্বোধন কৰে TMPK ৰ সভাপতি ৰাজ কুমাৰ মৰাঙে ৷ সমল ব্যক্তি হিচাপে উপস্থিত থাকে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি -  সাধাৰণ সম্পাদক ক্ৰমে মিলন সোণোৱাল , আদিত্য খাকলাৰী ; সহকাৰী সম্পাদক  দিৰেন ইংতি আৰু অসম ভূমিপুত্ৰ মঞ্চৰ সাধাৰণ সম্পাদক  ৰিমল আমচিয়ে ৷ আলোচনা চক্ৰত আদিত্য খাকলাৰীয়ে অসমত যিয়েই চৰকাৰ নহওক সদায়ে জনজাতি সকলক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰি কৰে ৷  সেয়ে এক শক্তিশালী সংগ্ৰামৰ বাবে অসমৰ সকোল জনজাতিক ঐক্যবদ্ধ হবলৈ আহ্বান জনাই ৷ ৰিমল আমছিয়ে অসমৰ জনজাতি সকলৰ বাবে এক  বিকল্প ৰাজনৈতিক দল গঠনৰ পোষকতা কৰি বক্তব্য ৰাখে ৷

    দ্বিতীয় আলোচনা চক্ৰ Land History of Jonai sub- Division and its Problem & Solution বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত কৰে ৷ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে মিচিং বানে কেবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদক , ৰবি কুম্বাং , মাধৱ পাৱ , থাকি মূল্যবান বক্তব্য আগবঢ়াই ৷


 সভাত তিৰাপ অটনমাচ ডিষ্টিক ডিমাণ্ড কমিটিৰ সভাপতি - সম্পাদক ক্ৰমে মুঙদাঙ চিমফৌ , নকোল চিঙফৌ, টাংচা গাঁও বুঢ়াকে  আদি কৰি কেবাজনো নেতা উপৰিও স্হনীয় বহু জেষ্ঠ্য ব্যক্তি উপস্থিত থাকে ৷


 আজিৰ সভাই পুৰনা সমিতি ভংগ কৰি   পূণৰ অজিত ৰেগন সভাপতি আৰু পদ্মেশ্বৰ দলেক সাধাৰণ সম্পাদক হিচাপে  লৈ ৪৫ জনীয়াকৈ  সদৌ অসম ট্ৰাইবেল সংঘৰ  আগন্তুক তিনি বছৰৰ বাবে জ'নাই জিলা সমিতি গঠন কৰা হয় ৷

 দিগন্ত লিচাং পেগু ৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post