লখিমপুৰ জিলাৰ পদুমনি আইথানৰ সমীপৰ
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আজি বিয়লি ৪ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত
এজন যুৱক থিতাতে নিহত হোৱাৰ ওপৰিও আন এজন যুৱক গুৰুতৰ ভাৱে আহত হৈছে ।
নিহত যুৱকজন চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কৰকনি তিনিঘৰীয়া গাঁৱৰ প্ৰয়াত গৌতম পেগুৰ পুত্ৰ পাপু পেগু (২৮) আৰু আহতজন একে গাঁৱৰে গণেশ্বৰ দলেৰ পুত্ৰ প্ৰেমেশ্বৰ দলে(২৫) বুলি জানিব পৰা গৈছে।
জানিব পৰামতে, দুয়ো যুৱকে এ এচ ২২ এফ ৩৬১৫ নম্বৰৰ গ্লেমাৰ বাইকেৰে চাউলধোৱা দিশৰ পৰা বগীনদীলৈ আহি থকা পথত, বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে গৈ থকা এ এছ ০৭ এ চি ৪৯৫৬ নম্বৰৰ মালবাহী বলেৰ পিক আপ ভানৰ সৈতে পদুমনিৰ নাহৰনি প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেকুৰিত মুখামুখি সংঘৰ্ষ হয়
বাইক আৰোহী দুয়ো যুৱক দুৰ্ঘটনাত পতিত হৈ এজনৰ ঘটনাস্থলীতে কৰুণ মৃত্যু হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত আনজন যুৱকক স্থানীয় ৰাইজৰ সহযোগত বগীনদী আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে
।আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰা বলেৰ গাড়ীখনৰ চালক লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত খোৱাডাংগা গাঁৱৰ সুৰেন শইকীয়াৰ পুত্ৰ গোবিন শইকীয়াক গাড়ীসহ চাউলধোৱা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।