আঘোন অহাৰ লগে লগে সোনোৱালী হয় কৃষিপ্ৰধান নদীদ্বীপ মাজুলীৰ পথাৰ, আৰু হালধীয়া হয় চৰ চাপৰিৰ বাৰিষা বানে ধোৱা মৰুময় চন পৰি ৰোৱা কৃষিভুমি ৷
সৰিয়হৰ হালধীয়া ৰংত সোনোৱালী হয় মাজুলীৰ জেংৰাই চাপৰি, বনৰীয়া চাপৰি, লাচন চাপৰি, ধনাই, কুমলীয়া, দক্ষিণপাট, শালমৰা, ভকত চাপৰিৰ লগতে নামনি মাজুলীৰ ৩৪ টা চৰ চাপৰিৰ ৯ হাজাৰ হেক্টৰ ভুমি ।
হালধীয়া চাদৰৰ মনোমোহা দৃষ্টিনন্দন মাজুলীলৈ এই সময়ত আগমণ ঘটিব দেশী বিদেশী প্ৰৰ্যটক ।
ভৰ বাৰিষা বাঢ়নি পানীৰ বাবে শালি , লাহি খেতি কৰিব নোৱাৰা চৰাঞ্চলৰ চন পৰা ভূমিত এতিয়া হালধীয়া হৈ নাঁচিচে কৃষকৰ হেপাহৰ সৰিয়হে দৰাই । ২২ হাজাৰ কৃষক জড়িত হয় সৰিয়হ খেতিৰ লগত।
মজুলীত এই বৰ্ষত মাথাউৰিৰ অন্তৰভাগত পানী নোহোৱাৰ বাবে কৃষকে ধানখেতি কৰিব নোৱাৰিলে যদিও চন পৰা মৰুময় ভূমিত এই বৰ্ষত সৰিয়হৰ খেতি ভাল হৈছে বুলি বহুকেইজন কৃষকে মত প্ৰকাশ কৰিছে ৷