ঢকুৱাখনাৰ এখন আগশাৰী ব্যক্তিগত বিদ্যালয় শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী মহোৎসৱ আজি বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় শুভাৰম্ভ অনুষ্ঠান।
পুৱা পতাকা উত্তোলনৰ পিছতে এই শুভাৰম্ভ অনুষ্ঠানটো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে।
এই অনুষ্ঠানতে চিকিৎসা আৰু অভিযন্তা বিষয়ত পঢ়িবলৈ সুবিধা লাভ কৰা বিদ্যালয় খনৰ কেইবাগৰাকী প্ৰাক্তন ছাত্রক সম্বৰ্ধনা জনায়।
ইয়াৰ লগত সংগতি ৰাখি মন্ত্ৰী জনে বিধায়ক পুঁজিৰ দ্বাৰা ৩ লাখ টকাৰ অনুদানেৰে নিকেতনখনৰ বাবে শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা শুভাৰম্ভ কৰে।
ৰূপালী জয়ন্তীৰ মহোৎসৱ বৰ্ষৰ কাৰ্যসূচী অনুসৰি ১১ বজাত বৰ্ণাঢ্য কলা কৌশলী আৰু জাতি জনজাতি কৃষ্টি - সংস্কৃতিৰ সমাহাৰে শোভাযাত্ৰা বাহিৰ কৰে