২০২০ চনৰ অন্তিমটো দিনত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা।
লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষীৰ জালত পুণৰ এটা নকল সোণৰ ব্যৱসায়ী ৷
মংগল বাৰে নিশা বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰন্য পাটৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বঙালমৰা ফটেহপুৰৰ পৰা আব্দুল জলিল নামৰ এটা নকল সোনৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে নকল সোনৰ মুৰ্তি সহ ৷
আৰক্ষীয়ে প্ৰায় চাৰিকেজি ওজনৰ নকল এখন সোণৰ নাও আৰু নকল এটা যীশুখ্ৰীষ্টৰ মুৰ্তি উদ্বাৰ কৰে ধৃত আব্দুল জলিলৰ পৰা ৷
উল্লেখযোগ্য যে সোমবাৰে নিশাও তেজপুৰৰ ১৮ মাইলত নকল সোণ বিক্ৰী কৰি ঘুৰি অহা অৱস্থাত ধলপুৰত বিহপুৰীয়া আৰক্ষীয়ে AS07Q 6799 নম্বৰৰ গাড়ীত উদ্ধাৰ কৰে নকল সোণ সহ তিনিটা নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷
