অসমৰ জনজাতি সকলৰ পিতৃ স্বৰূপ সংগঠন ট্ৰাইবেল সংঘৰ গহপুৰ জিলাৰ প্ৰথম ট্ৰি বাৰ্ষিক অধিৱেশন গহপুৰৰ ৰাওনামুখত দুই দিনিয়া কাৰ্যসূচীৰে সফল সামৰণি পৰে।
ঐ নিতমৰ সুৰেৰে মুখৰিত হৈ পৰে অধিবেশন থলী । গহপুৰৰ চুকে কোণে থকা জনজাতীয় লোকসকলে সমবেত হোৱা অধিবেশনৰ প্ৰতিনিধি সভাত জনজাতি সকলৰ ন্যায প্ৰাপ্তি আৰু ৰজনৈতিক অধিকাৰ সুৰক্ষা কৰাৰ নিমিত্তে মঞ্জিত পাটগিৰিক সভাপতি আৰু লক্ষীৰাম বসুমতাৰীক সম্পাদক হিচাপে নিৰ্বাচিত কৰি এখন শক্তিশালী কমিটি গঠন কৰা হয়।