এতিয়াও অব্যাহত আছে শিমলু কাঠৰ ৰমৰমীয়া বেহা।
ইয়াৰ বিৰুদ্ধে নিউজ কৰাৰ পিছতো নিৰৱ দৰ্শকৰ ভূমিকাত লখিমপুৰ জিলা বন বিভাগ ।
আমাৰ সাংবাদিক অভিযান চলোৱাৰ পিছতে গোপন কেমেৰাত বন্ধি হল অসাধু লোকৰ গছ কাটি থকাৰ দৃশ্য।
লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা পথালি পাম বন কাৰ্য্যলয়ৰ অন্তৰ্গত ভীমপৰা পঞ্চায়তত আৰু ঘূণাসুঁতি অব্যাহত আছে শিমলু কাঠৰ ৰমৰমীয়া চোৰাং বেহা ।
ঘূণাসুঁতি আৰু ভীমপৰা বাট পথ মথাউৰি বোৰত চৰকাৰী ভাৱে ৰোপন কৰা শিমলু গছবোৰ অঞ্চলটোৰ একাংশ অসাধু লোকৰ কবলত পৰি নিঃশেষ হব ধৰিছে।
সোৱনশিৰীৰ বুকুয়েদি দৈনিক মুকলি ভাৱে ভূৰ সাজি চালান হয় লখিমপুৰ সদৰত
নিৰৱ দৰ্শকৰ ভূমিকাত লখিমপুৰ জিলা বন বিভাগ ।
মাত্ৰ কেইটামান টকাৰ লোভত এই লোকসকলে পথৰ দাঁতিত থকা ভিতৰুৱা অঞ্চলত গৈ
শিমলু গছবোৰ কাটি ওলোৱা কাঠেৰে এক বৃহৎ চোৰাং কাঠৰ ছিণ্ডিকেট গঢ়ি তুলিছে।
এই চোৰাং চক্ৰটোৱে ভীমপৰাৰ শিমলু কাঠৰে ভূৰ সাজি সোৱনশিৰী নদীৰ বুকুয়েদি এক বৃহৎ পৰিমাণৰ চোৰাং কাঠ পাৰ কৰাই লখিমপুৰ জিলা সদৰত নি বিক্ৰী কৰি আহিছে।
যদিও এই সকলোবোৰ জানি শুনি লখিমপুৰ জিলা বন সংমণ্ডলৰ জিলা বন প্ৰাধিকাৰী আৰু আঞ্চলিক বন বিষয়া সকলে দীৰ্ঘ দিনৰ পৰা চলি অহা শিমলু কাঠৰ এই চোৰাং বেহা আজিলৈকে বন্ধ কৰিব নোৱাৰাত,
এই চক্ৰটোৰ সৈতে বনবিভাগৰ মিতিৰালি থকাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।