ঢকুৱাখনাৰ ভাটি কেকুৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত চাৰিকড়ীয়া নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত চলিছে ভয়ংকৰ অনিয়ম।
নিম্নমানৰ কামৰ বাবে নদীত জাহ গৈছে জিঅ বেগ আৰু কাৰ কাৰ্পেটিংৰ
সংশ্লিষ্ট ঠিকাদাৰে ধন লুন্ঠনৰ লক্ষ্যৰে আৰম্ভ কৰিছে পালমৰা কাম।
ফলত গঢ়াখহনীয়া প্ৰতিৰোধৰ কাম চলি থকাৰ মাজতে এনেদৰে জিঅ বেগসমূহ খহি যোৱাত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ।
বিধায়ক নৱকুমাৰ দলেৰ ঘনিষ্ঠ ঠিকাদাৰে কাম আদায় কৰাৰ স্বাৰ্থত অন কেমেৰাৰ সন্মুখতে জোৰা টাপলি মৰা কামেৰে সমাপ্ত কৰিব বিচাৰিছে খহনীয়া প্ৰতিৰোধৰ কাম।
উল্লেখযোগ্য যে চাৰিকড়ীয়া নদীৰ গঢ়াখহনীয়াৰ প্ৰতিৰোধৰ বাবে যোৱা ১১-১২-২০২০ তাৰিখে প্ৰাক্তন মন্ত্ৰী নৱকুমাৰ দলে ২০১৯-২০ বিত্তীয় বৰ্ষৰ SOPD - FDR পুঁজিৰ শিতানত ৩ কোটি ৬৬ লাখ টকাৰ আঁচনি আধাৰশিলা উন্মোচন কৰিছিল।
ঢকুৱাখনা জলসম্পদ সংমণ্ডল অধীনত অন্তৰ্গত গঢ়াখহনীয়াৰ প্ৰতিৰোধৰ কাম নিৰপেক্ষ তদন্ত কৰি সঠিক ৰূপায়নৰ দাবী জনাইছে স্থানীয় ৰাইজে।