জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন বাৰুছ পেগু নামৰ যুৱক জন নিহত
বাৰুছ পেগুৰ মৃত্যুৰ খবৰ পাই নিজ পিতৃ নিৰানন্দ পেগু হতাশ হৈ লগতে মৃত্যু হয়
ধেমাজি জিলাৰ জোনাইত বিশ্বকৰ্মা পূজাৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
সংগঠিত হয় I জানিব পৰা মতে ধেমাজি জিলাৰ জোনাই মহকুমাৰ গালী ৰঙাজানত যোৱা নিশা প্ৰায় 11 টা মানত ভয়ংকৰ পথ দুৰ্ঘটনা
সংগঠিত হয় I জোনাই অভিমূখে আহি থকা AS04F 5500 নাম্বাৰৰ কাৰ এটা 515 নং ৰাষ্ট্ৰ ঘাইপথৰ গালী ৰঙাজানত পথত ৰৈ থকা চাৰি জনক মহটিয়াই নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে I ফলত মাজুলীপুৰৰ বাৰোচ পেগু (30) নামৰ যুৱক জন
থিতাতে নিহত হয় I এই খবৰ পাই বাৰুছ পেগুৰ পিতৃও হতাশ হৈ লগে লগে মৃত্যু হয় বুলি জানিব পাৰিছো । লগতে অন্য তিনিজন লোক আহত হয় বুলি জানিব পৰা গৈছে I স্হানীয় ৰাইজৰ জনোৱা মতে কাৰ ভিতৰত থকা লোক সকল বাটত ৰৈ থকা লোক সকলক মহটিয়াই ঘটনাস্হলীৰ পৰা পলাই যায় বুলি জনায় ।
