অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিছিং জনগোষ্ঠীৰ জাতীয় সংগঠন TMPK/MMK/TMMK আৰু MBK/MAK/MDK গালী আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান গালী স্হিতিত TMPK কাৰ্যালয়ত অনুষ্ঠিত হয় ।
ছয়টা সংগঠনৰ সভাপতি সকলৰ সভাপতিত্বত পৰিচালনা হোৱা সভাখনত ছয়টা সংগঠনৰ অধিকাংশ সদস্যই উপস্থিত থাকে ।
উল্লেখযোগ্য যে গালী আঞ্চলিকত ছয়টা সংগঠনৰ পাছটা সংগঠনেই সক্ৰিয় আৰু এটা সংগঠন নিস্ক্ৰিয় হৈ থকাৰ বাবে 12 চেপ্তেম্বৰ তাৰিখে গালী উচ্চ মাধ্যমিক বিদ্যালয়ত মিছিং বানে কেবাঙক নতুনকৈ গঠন কৰি আৰু পাছটা সংগঠনত কিছু নতুন সদস্যক লৈ পূৰ্ণাংগ সমিতি গঠন কৰে ।
লগতে মিছিং মিমাগ কেবাঙৰ সভাপতি উমা পেগুৱে কয় যে আগন্তুক দিনবোৰত ছয়টা সংগঠনে একেলগ হৈ যিকোনো কাম একেলগে কৰিবলৈ আজিৰ শপত গ্ৰহণ অনুষ্ঠান ৰখা হৈছে বুলি জনায় ।


