দুৰ্গাপুজাৰ মাজতে ধেমাজি জিলাৰ জোনাই মহকুমাৰ লখী নেপালী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয় I
আজি পুৱতিনিশা প্ৰায় 2 বজাত লখী নেপালী তিনিআলিৰ এটা হোটেলৰ পৰা অগ্নিকাণ্ড সংগঠিত হোৱাৰ সন্দেহ I
অগ্নিকাণ্ডটোত দুটা হোটেল আৰু এটা পান দোকান সম্পূৰ্ণৰূপে জলি চাৰখাৰ হয় I
প্ৰায় দহ লক্ষাধিক টকাৰ সম্পত্তি জলি চাৰখাৰ হোৱাৰ সন্দেহ কৰিছ ব্যৱসায়ীসকলে I
পুজাৰ মাজতে সংগঠিত হোৱা এনে ভয়ংকৰ অগ্নিকাণ্ডত হতাশাত ভোগিছে ব্যৱসায়ী সকল I
Tags:
Assam news