ঢকুৱাখনাৰ ৰংগভূমিৰ উদ্যোগত ব্যতিক্ৰমধৰ্মীয়ে গান্ধী জয়ন্তী উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠান।
আজি ঢকুৱাখনাৰ ৰংগভূমি কলাক্ষেত্ৰত ৰংগভূমিৰ উদ্যোগত ব্যতিক্ৰমধৰ্মীয়ে গান্ধী জয়ন্তী উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুসৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে "গান্ধী দৰ্শন আৰু সাম্প্ৰতিক সমাজৰ ওপৰত আলোকপাত আগবঢ়াই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ম ডি জোৎস্নাই।
ইফালে বাবা গগৈৰ নেতৃত্বত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ পিছতে ৰংগভূমি সাংস্কৃতিক বঁটা ২০২১ প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক প্ৰবিন হাজৰিকা আৰু ৰংগভূমি সামাজিক বঁটা ২০২১ প্ৰদান কৰা হয় বিশিষ্ট সমাজ সেৱিকা পল্লৱী নেওগ বৰাক।
গৌৰৱ বৰুৱাৰ পৰিচালনা কৰা চুটি ছবি "নিজানৰ সুহুৰি " নাটখনে দৰ্শকক আমোদ দিবলৈ সক্ষম হয়।
