মিচিং সকলৰ সাংস্কৃতিক সংগঠন মিচিং দৃৰবৃ কৌবাঙৰ সোমবাৰে ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস জোনাইৰ বিভিন্ন ঠাইত পালন কৰা হয় ৷
অসমৰ সমগ্ৰ মিচিং অধ্যোষিত অঞ্চল সমূহৰ লগতে জোনাই জিলাৰ ১৬ টা আঞ্চলিকত সোমবাৰে দিন যোৰা কাৰ্যসূচীৰে পালন কৰিছে ৪১ সংখ্যক মিচিং দৃৰবৃ কৌবাঙৰ প্ৰতিষ্ঠা দিৱস৷
উল্লেখযোগ্য যে মিচিং সকলৰ কৃষ্টি সংস্কৃতিক বিশ্বদৰবাৰত পৰিচয় কৰাৰ উদ্দেশ্যে ১৯৮০ চনৰ ১৮
অক্টোবৰত জন্ম লাভ কৰা মিচিং দৃৰবৃ কৌবাঙে প্ৰতি বছৰে ১৮ অক্টোবৰত উদযাপন কৰে মিচিং দৃৰবৃ
কৌবাঙৰ প্ৰতিষ্ঠা দিৱস হিচাপে৷
উক্ত কৰ্যসূচীক জোনাই জিলা সমিতিৰ অন্তৰ্গত কেমি জেলম, চিলে , জোনাই টাউন, আ:নৌ বিল্লাম , টাৰি
ৰ:দং, জনাই আ:নৌ বিল্লাম , দেবৃং দে:তাগ, চিগা, গালি, লাইমেকুৰী, ৰামধন ডিখাৰী, তেলাম,
ডেকাপাম, অৱাং জনাই, চমকং আদি কৰি ১৬খন আঞ্চলিক সমিতিয়ে ৪১ সংখ্যক মিচিং দৃৰবৃ
কৌবাঙৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগঠি ৰাখি মিচিং গোৰাগ নৃত্য, লৌৰৌৰি, কাবান, ঢোল বাদন ঐনিতম
আদি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি দিনযোৰা কাৰ্যসুচীৰে পালন কৰে ৷