Share on Facebook

যোৰহাট নগৰৰ মাজ মজিয়াত দিন–দুপৰতে হত্যাৰ বলি হ’ল অনিমেশ ভূঞা ।

 পুনৰ অসমত  জঘন্য, বৰ্বৰ, নিৰ্লজ্জ, মানৱতাক লজ্জানত কৰা আন  এটা ঘটনা সংঘটিত হ’ল।


সাধাৰণ ঘটনা আছিল। স্কুটী চলাই আহি পথৰ ওপৰত বাগৰি পৰা মোহন দাস নামৰ এগৰাকী বয়সীয়াল ব্যক্তিক দুই বন্ধুসহ সহায় কৰিবলৈ গৈছিল অনিমেশে। 

কিন্তু সুৰাসক্ত হৈ অহা বুলি অভিযোগ উঠা উক্ত ব্যক্তিজনে অনিমেশহঁতৰ সৈতে কাজিয়াত লিপ্ত হৈ একাংশ যুৱকক ঘটনাস্থলীলৈ মাতি দিয়ে। আৰু যুৱকৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ  অনিমেশৰ লগতে দুই বন্ধুক উপৰ্যুপৰি প্ৰহাৰ কৰে। 

দলটোৰ নেতৃত্বত আছিল মোহন দাসৰ পুত্ৰ ক’লা ল’ৰা ওৰফে নীৰজ দাস। উন্মাদ যুৱকৰ দলটোৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় অনিমেশ নামৰ সম্ভাৱনাপূৰ্ণ যুৱকজনে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ঘটনাৰ প্ৰায় আধা ঘণ্টা পিছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছিল। ঘটনাস্থলীত ট্ৰাফিক পুলিচ আছিল যদিও মাৰপিটৰ ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। 

কিন্তু তেওঁলোকৰ দায়িত্ব আছিল এনে এক নৃশংস ঘটনা দেখাৰ পিছত শীঘ্ৰে আৰক্ষী থানাত খবৰ দিয়াটো। সেই কামটোও কৰিব নোৱাৰিলেনে? ঘটনাস্থলীত থকা লোকসকলে কিয় অৱগত কৰিব নোৱাৰিলে আৰক্ষী থানাত?

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক’লা ল’ৰাৰ লগত মুঠ ১৩জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 147/148/149/326/302 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল হ’ল – বিতুপণ দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেৱ দাস, মহেশ দাস, বঙালী দাস, সৰুল’ৰা দাস, সুভাষ দাস, নীৰজ দাস (ক’লা ল’ৰা) আৰু অকনি দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post