Share on Facebook

বঙাইগাঁও জিলাৰ অভয়াপুৰী ত সাহিত্যিক,সাংস্কৃতিক দীনেশ চন্দ্ৰ দাস বাপৰ ইঁহসংসাৰ ত্যাগ ত তীব্র শোকৰ বন্যা।

 বঙাইগাঁও জিলাৰ অভয়াপুৰী ত সাহিত্যিক,সাংস্কৃতিক দীনেশ চন্দ্ৰ দাস বাপৰ ইঁহসংসাৰ ত্যাগ ত তীব্র শোকৰ বন্যা।



উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ধর্মীও সংগঠন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত ৰামগড় প্ৰাথমিক শাখাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক, সাংস্কৃতিক আৰু জ্যেষ্ঠ নাগৰিক সন্থাৰ এগৰাকী বিষয়ববীয়া সদস্য শ্ৰীযুত দীনেশ চন্দ্ৰ দাস বাপৰ আজি হঠাতে দেহাবসান ঘটাত সমগ্র অভয়াপুৰী অঞ্চলত তীব্র চাঞ্চল্য তথা শোকৰ বন্যা বোৱাৰ বাতৰি পোৱা গৈছে।প্ৰাপ্ত বাতৰি মতে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত অভয়াপুৰী আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি দীনেশ চন্দ্ৰ দাস বাপে নিজ চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত এক দুৰাৰোগ্য ৰোগত ভূগি আছিল পিছত আজি দুপৰীয়া প্ৰায় ১২:৪৫বজাত ইহসংসাৰৰ পৰা ত্যাগ কৰে ।ইয়াৰ পিছত এই বাতৰি বিয়পি পৰাত বিভিন্ন দল ,সংগঠনৰ নেতা আৰু সুভাকাংক্ষী ৰাইজ আহি তেঁওৰ গৃহত উপস্থিত হয়।আৰু তাত অনুষ্ঠিত কৰা এক শোকসভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ তৰফৰ পৰা জিলা প্ৰচাৰ শাখাৰ সাধাৰণ সম্পাদক শ্ৰী প্ৰফুল্ল দাস,জিলাৰ সেৱা বাহিনীৰ কেন্দ্ৰীয় সদস্য শ্ৰী বুদ্ধেশ্বৰ পাটগিৰি ,জিলা সাহিত্য শাখাৰ সভাপতি ভূপেন্দ্ৰ চন্দ্ৰ ৰায়,প্ৰাক্তন জিলা সম্পাদক ৰাতুল দাস আদি বাপ বান্ধৱ আই মাতৃ সকলে এখনি ফুলাম গামোচা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।একেদৰে অসম সাহিত্য সভাত অভয়াপুৰী আঞ্চলিক সমিতিৰ সভাপতি  ,অগপ দলৰ ৰ পৰা শ্ৰী তপন কুমাৰ দাস আদি দল সংগঠনৰ নেতৃবৃন্দই শেষ শ্ৰদ্ধাঞ্জলি জনায় পিছত শ্ৰীযুত বুদ্ধেশ্বৰ পাটগিৰি বাপে আগধৰা এটি ঘোষা প্রার্থনাৰে শেষ শ্ৰদ্ধাঞ্জলি জনাই বিদায় দিয়ে ।জানিব পৰা মতে প্ৰয়াত শ্ৰী দীনেশ চন্দ্ৰ দাস বাপে যোৱা ১৯৪৯ চনৰ ২এপ্ৰিল ত জন্মগ্ৰহণ কৰাৰ পিছত বঙাইগাঁও জিলাখনৰ বিভিন্ন দল সংগঠনৰ জড়িত থকাৰ লগতে তেওঁ এগৰাকী সাহিত্যিক ,সাংস্কৃতিক ভাৱে জড়িত আছিল ।আৰু আজি ২০২১চনত ২৫নৱেম্বৰত ইঁহসংসাৰ ত্যাগ কৰা প্ৰয়াত দাসে তিনি পুত্ৰ ,ভাৰ্যা আৰু ভাই ভনী এৰি ইঁহসংসাৰ ত্যাগ কৰা বুলি এই বাতৰিত প্ৰকাশ।

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post