২ কি:মি: দীঘল আৰু ১৬ মিটাৰ বহল হ'ব ঘাগৰ ঘুনাসূঁতিৰ দলং।
ডি,পি,আৰ সম্পূৰ্ণ হৈছে। অহা মাঘ বিহুৰ সময়লৈ দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ
কৰিব পৰা যাব।
আজি লখিমপুৰ সমষ্টিৰ ঘুনাসূঁতিত ১০ কোটি, ১০ কোটিকৈ টকাৰে দুটাকৈ
পকী পথ নিৰ্মাণৰ শুভাৰম্ভ কৰি বিধায়ক মানৱ ডেকা,আৰু সাংসদ প্ৰদান বৰুৱাই ঢকুৱাখনা
আৰু লখিমপুৰৰ মাজত ঘূনাসূঁতিৰ ঘাগৰ দলং শীঘ্ৰে নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰে।
এই খবৰ লাভ কৰি ঘুনাসূঁতিৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।
বিভিন্নজনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাক সলাগ জনাই।
Tags:
Assam news