গোগামুখ ৰেলৱে ষ্টেচনৰ ষ্ট্ৰীট লাইট সমূহ দুই বছৰ ধৰি বিকল,বিপদ সংকুল আন্ধাৰত দৈনিক অহা যোৱা কৰিবলগীয়া হয় ৰেল যাত্ৰী
গোগামুখ ৰেলৱে বিভাগীয় বিষয়াসকলৰ হেমাহীত প্ৰায় দুইবছৰ ধৰি গোগামুখ ৰেলৱে ষ্টেচনৰ চাৰিওফালে থকা ষ্ট্ৰীট লাইট সমূহ বিকল।গোগামুখ ষ্টেচনৰ পৰা দুশ মিটাৰ আঁতৰে আঁতৰে থকা ষ্ট্ৰীট লাইট সমূহ এতিয়াও গোগামুখ ৰেলৱে কৰ্তৃপক্ষই মেৰামতিৰ নকৰাৰ অভিযোগ ৰেল যাত্ৰীৰ । গোগামুখ ৰেলৱে কৰ্তৃপক্ষৰ জ্ঞাতে গোগামুখ ৰেলৱে দাঁতিত থকা হোটেল আৰু গুমটি দোকান সমূহত অবৈধ ভাৱে সুৰা বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে।ৰেল যাত্ৰীৰ এটাই আহ্বান অতি শীঘ্ৰে বিকল হৈ থকা ষ্ট্ৰীট লাইট সমূহ মেৰামতি কৰি দিব লাগে।
Tags:
Awareness