মাজুলীৰ বৰগুৰিত ভয়াবহ অগ্নিকাণ্ড: এটা বাসগৃহ ভস্মীভূত:
পুৰি চাই হল দহ লক্ষাধিক টকা সা-সামগ্ৰী । চৰ্টচাৰ্কিত ৰ বাবেই এই ঘটনাৰ সন্দেহ ।
ধৰ্মেন্দ্ৰ পামেগাম নামৰ লোক জনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড
মাজুলীৰ ৰঙাচাহি পঞ্চায়তৰ অন্তৰ্গত বৰগুৰি চাৰি আলিৰ সমীপৰ ধৰ্মেন্দ্ৰ পামেগামৰ ঘৰত কালি ৰাতি ১২-৩০ মান বজাত চৰ্টচাৰ্কিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হয় । নিমিষতে জুইৰ লেলিহান শিখাই গোটেই ঘৰতো সাৱটি ধৰে । কথমপি ৰক্ষা পৰে পৰিয়ালৰ সদস্য সকলে । ক্ষন্তেক পিছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ জুইৰ গ্ৰাসৰ পৰা ঘৰটো তথা সা সম্পত্তি উদ্ধাৰ কৰাটো অসম্ভৱ হৈ পৰে । অগ্নিকাণ্ডত প্ৰায় দহ লাখ টকাৰ সা সামগ্ৰীৰ ক্ষতি সাধন হয় ।
Tags:
Assam news