ৰজনীকান্তৰ আচল নাম জানেনে?
ৰজনীকান্তৰ নাম দিয়া হৈছিল শিৱাজীৰাও গায়কোৱাড়। প্ৰথমে কন্নড় ভাষাত নাটকৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল ৰজনীকান্তে।
ৰজনীকান্তৰ জন্ম হৈছিল বেংগালুৰুত। তেওঁৰ মাতৃৰ নাম জিজাবাই আৰু পিতৃৰ নাম ৰামোজি ৰাও গায়কোৱাড়। তেওঁলোক মহাৰাষ্ট্ৰৰ দম্পতী, আছিল বেংগালুৰুত।
তেওঁ প্ৰথমতে জীৱন–যাপনৰ বাবে পেছা হিচাপে বাচি ল’বলগীয়া হৈছিল কণ্ডাক্টৰৰ কাম। মাহিলী দৰমহা পাইছিল ৭৫০ টকা।
ইয়াৰ পিছত ৰজনীকান্তৰ বন্ধু ৰাজ বাহাদুৰে মাদ্ৰাজ ফিল্ম ইনষ্টিটিউটত ভৰ্তি হ’বলৈ কয়। তেতিয়া অভিনেতা হোৱাৰ সপোনত মচগুল আছিল ৰজনী। ৰজনীৰ প্ৰথম সফল ছবি বিল্লা। অমিতাভ বচ্চন অভিনীত ডনেৰ ৰিমেক। কিন্তু ৰজনীকান্তৰ প্ৰথম ছবি অপূৰ্ব ৰাগাঙ্গল।
ইয়াৰ পিছত Moondru Moogam ছবিত একেলগে তিনিখন ছবিত অভিনয় কৰিছিল ৰজনীকান্তে। সেই ছবিৰ বাবে তেওঁ প্ৰথমবাৰ তামিলনাডু চৰকাৰৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে।
টি ৰামা ৰাওৰ অন্ধা কানুন ৰজনীৰ প্ৰথম বলীউদ ছবি। ১৯৮৮ চনত ৰজনীকান্তে ইংৰাজী একশ্যন ছবি ব্লাডষ্টোনত অভিনয় কৰে।
ৰজনীকান্তে লিখা প্ৰথম চিত্ৰনাট্য ভালি। সেই ছবিত এটা চৰিত্ৰত অভিনয় কৰিছিল তেওঁ। ১৯৯৫ চনত মুক্তি লাভ কৰে তেওঁৰ অভিনীত বাসা, যিয়ে সকলো ৰেকৰ্ড ভাঙি পেলায়। সেই সময়তে এই ছবিখনৰ উপাৰ্জন আছিল ২৩০ কোটি টকা।
২০২১ চনত ৰজনীকান্তৰ বয়স হ’ল ৭০ বছৰ। ডিচেম্বৰৰ ১২ তাৰিখে ৭০ বছৰত ভৰি দিলে ৰজনীকান্তে। ৰজনীকান্তলৈ জন্মদিনৰ শুভেচ্ছা।
Tags:
ENTERTAINMENT