বিহালীত বাঘৰ আতংক অব্যাহত ।বাঘটোক পিঞ্জৰাবদ্ধ কৰাত বিফল বন বিভাগ।
বিহালীৰ ৰাংছালী, বতীয়ামাৰী দলনি, জামনি অদি অঞ্চলত বাঘৰ আতংক অব্যাহত । প্ৰায় এসপ্তাহ ধৰি ঠাই সলনি কৰি বাঘটোৱে কেইবাটাও পহুধন মাৰি পেলাইছে। গোহালিৰ গৰুও টানি লৈ যোৱা লগতে দিন দুপৰতে চাহ বাগিছাত ঘূৰি ফুৰাও প্ৰতক্ষ কৰিছে স্থানীয় গঞাই । বন বিভাগৰ লোকে বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা চলাইছে যদিও সক্ষম হোৱা নাই। যাৰ পৰিপেক্ষিতত অধিক আতংকিত হৈ পৰিছে অঞ্চলটোৰ গঞা ৰাইজ। নিশা হলেই ঘৰৰ বাহিৰলৈ নোলাই উক্ত অঞ্চলৰ ৰাইজে।
Tags:
Awareness