নতুন বছৰৰ পহিলা দিনটোতো ভক্ত দৰ্শনাথীৰ লানি নিছিগা ভীৰ ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত।
উত্তৰ পূৰ্বাঞ্চলৰ বিখ্যাত বৈষ্ণৱ পীঠ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত নতুন বছৰৰ পহিলা দিনটোতে পুৱাৰে পৰা দেখা গৈছে ভক্ত দৰ্শনাথীৰ লানি নিছিগা ভীৰ।সেয়েহে আজি নতুন বছৰ প্ৰথমটো দিনতে নতুন সংকল্প মনত লৈ ঐতিহাসিক ঐতিহ্যমণ্ডিত বাসুদেৱ থান নৰোৱা সত্ৰৰ দৰ্শনৰ লগতে বছৰটো যাতে সুন্দৰ আৰু মংগলময় হওঁক তাৰে কামনা কৰি হাজাৰ হাজাৰ ভক্ত প্ৰাণ লোকে ধূপ, দীপ বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।সকলোৱে মনত এটাই আশা অনাগত দিনবোৰত সুখ আৰু সমৃদ্ধি হওঁক।
Tags:
Assam news