ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত তেলামৰ মধুপুৰ অঞ্চলত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ টাকাম চানং দলে অপে কেবাঙৰ অধিৱেশন ।
অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ মাজৰ দলে হৈছে এক বৃহৎ বংশ । এই দলে বংশৰ টাকাম চানং দলে অপে কেবাঙৰ সোমবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ অধিৱেশন । চিলাপথাৰৰ পৰা জোনাইৰ ভিতৰত থকা চানং দলে সকলে উপস্থিত হৈ নৃত্য গীতেৰে লোকাৰণ্য হৈ পৰে মধুপুৰ অঞ্চল । ইয়াৰ পিছতে টাকাম চানং দলে অপে কেবাঙৰ সভাপতি আৰু সম্পাদকক সভাস্হলিলৈ গোমৰাগ নৃত্যৰে আদৰণি জনায় চানং দলে ৰাইজে ।
অসমৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা চানং দলে সমুহক একগোট কৰোৱা আৰু চানং দলেৰ সকলো পৰিয়ালৰ সৈতে চিনাকি কৰাৰ ওপৰিও চানং দলেৰ শিক্ষা-দীক্ষা, সামাজিক আৰু বিভিন্ন সমস্যা আলোচনা কৰা হৈছে বুলি সদৰি কৰে টাকাম চানং দলে অপে কেবাঙৰ সভাপতিয়ে ।
Tags:
Art & culture