চিৰাঙত দুটাকৈ ঠাইত চাঞ্চল্যৰ ডকাইতি
পিষ্টল দেখুৱাই লুটি নিলে ছয় লাখ টকা, গহণা৷
চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাৰত ভূটান সীমান্তৰ কয়লা ময়লা উপ আৰক্ষী চকীৰ অধীনৰ মালিভিটা ভি চি ডি চিৰ অন্তৰ্গত দুটাকৈ স্থানত কালি নিশা ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ ফলত জিলাখনৰ ভিতৰুৱা অঞ্চলত জনসাধাৰণৰ মাজত বিৰাজ কৰিছে শংকা ৷ উল্লেখযোগ্য যে, বিটিআৰ শান্তি চুক্তি সম্পাদন হোৱাৰ পাছত বিটিচিত শান্তি প্ৰতিষ্ঠা হৈছিল যদিও চিৰাঙত কালিৰ ঘটনাত মাৰণাস্ত্ৰধাৰী যুৱকৰ দলে দুটাকৈ ডকাইতিৰ ঘটনা সংঘটিত কৰে ৷ প্ৰথমটো ঘটনা সংঘটিত হয় মালিভিটা ভিচিডিচিৰ অধীনৰ দুই নম্বৰ যমুনাগুৰি গাঁৱত ৷ ছজনীয়া মাৰণাস্ত্ৰধাৰী যুৱকৰ দলে উল্লিখিত গাঁৱৰ অবিনাশ মুছাহাৰী৷
নামৰ তামোলৰ ব্যৱসায়ী জনৰ ঘৰত সন্ধিয়া ৭.১৫ মান বজাত সোমাই পিষ্টলেৰে হত্যাৰ ভাবুকি দি ব্যৱসায়ী জনৰ পৰিয়ালৰ পৰা দুই লাখ টকা লৈ যোৱাৰ লগতে পৰিবাৰৰ পৰা দুযোৰ কাণৰ সোণ লৈ যায় ৷
দ্বিতীয় ঘটনা সংঘটিত হয় প্ৰথম ঘটনাৰ চাৰি কিলোগ্ৰাম নিলগৰ মালিভিটা ইন্দ্ৰপুৰ গাঁৱত ৷ মালিভিটা বজাৰৰ গেলামাল দোকানী কৃষ্ণ লুইটেলৰ ঘৰত তিনিজনীয়া পিষ্টলধাৰী যুৱকে লুইটেলৰ বোৱাৰীক ঢকিয়াই দি ঘৰৰ ভিতৰত দুটাকৈ পিষ্টলৰ গুলি ফুটাই মৃত্যুৰ ভাবুকি দি কৃষ্ণ লুইটেলৰ লগতে পুত্ৰ বোৱাৰীৰ পৰা কমেও চাৰি লাখ টকা লৈ যায় ৷