আজিৰ অধিকাংশ পৰ্টেল চেনেলৰ সাংবাদিকৰ বাবে অতি সন্মানীয় সাংবাদিকৰ পেছাত লগাইছে আউল : পৰ্টেল চেনেলৰ মালিকে জধে মধে সাংবাদিক নিযুক্তি দিয়াৰ ফলত চতুৰ্থ স্তম্ভৰ বাক স্বাধীনতাত আহিছে বাধাপ্ৰাপ্ত।
আমাৰ ভাৰতৰ সংবিধানত চাৰিটা স্তম্ভ আছে।ইয়াৰে তিনিটা স্তম্ভ আমি প্ৰকাশৰ পৰা সময়ৰ অভাৱত বাদ দিলোঁ । কিন্তু চতুৰ্থ নং স্তম্ভটো হৈছে বাক স্বাধীনতা। আৰু উক্ত চতুৰ্থ স্তম্ভক লৈ ইতিমধ্যে টেলিগ্ৰাম,তিনিমহীয়া,মাহেকীয়া,পষেকীয়া আৰু সাপ্তাহিক কাকত প্ৰকাশ হৈ আহিছে। যেনে- অসম বাণী,বৰপীঠ,আৰু অগ্ৰদূত আদি।পিছলৈ দৈনিক কাকত প্ৰকাশৰ ব্যৱস্থা হয়। আৰু কালক্ৰমত দূৰদৰ্শন অৰ্থাৎ নিউজ চেনেল । এই নিউজ চেনেল অহাৰ পিছত বাতৰি কাকত সমূহৰ অৱস্থা অতি শোচনীয় হয়। এতিয়া হৈ পৰিছে চচিয়েল মিডিয়াৰ যুগ। দেশৰ প্ৰতিজন জনসাধাৰণৰ হাতে হাতে মোবাইল ফোন বাতৰিবোৰ প্ৰকাশ হয় তাতেই। এনে এক সন্ধিক্ষণত এই চতুৰ্থ স্তম্ভৰ অতি সন্মানীয় এক পথ হৈ পৰিছে সাংবাদিকতা । যত এজন সাংবাদিকে দেশৰ ৰাষ্ট্ৰপতিকো প্ৰশ্নৰে থকা সৰকা কৰিব পাৰে। এয়া আজিকালি এক পেছাত পৰিণত হৈছে।কিন্তু আজিৰ যুগত হিচাপহীন পৰ্টেল নিউজ চেনেলৰ সাংবাদিকে যদি চেনেলটোৰ পৰা আইকাৰ্ড আৰু ল'গ'টো পোৱাৰ পিছত তেওঁ যদি চোৰাং গৰুৰ বেপাৰী,মাটিৰ দালাল,ড্ৰাগছ সৰবৰাহকাৰী,ধন দাবী কৰি চলা আৰু জেহাদী বা উগ্ৰপন্থীৰ লগত জড়িত হৈ পৰে তেনেহলে এই সন্মানীয় সাংবাদিকতা আপুনি কি বুলি কব ? তেনে বহুতো ঘটনা এইখন অসমত সংগঠিত হৈছে এতিয়া এই অতি জনপ্ৰিয় হৈ পৰা পৰ্টেল চেনেলৰ প্ৰায় ৮৫% সাংবাদিকৰ ক্ষেত্ৰত । আৰু এনেবোৰ বিষয় সংগঠিত হৈছে একমাত্ৰ এটা সম্প্ৰদায়ৰ মাজত । আমি কোনো নিৰ্দিষ্ট কৈ নাম উল্লেখ কৰিব বিচৰা নাই । মূলতঃ যোৱা কিছুদিন ধৰি ধুবুৰী,বৰপেটা,নগাঁও,মৰিগাঁও আৰু হোজাই আদি জিলাত পৰ্টেলৰ সাংবাদিকৰ উৎপাতত একাংশ নিৰীহ জনসাধাৰণ ঠিকাদাৰ নেতা আদিক অতিষ্ঠ কৰায় নহয় ;আমাৰ শতাধিক পৰ্টেল চেনেল আৰু সহস্ৰাধিক সৎ সাংবাদিকৰ সন্মান অতি নিম্নগামী কৰি তুলিছে এয়া ধূৰূপ । জানিব পৰা মতে আজিকালি অতিকৈ জনপ্ৰিয় হৈ পৰা পৰ্টেল চেনেলটো এতিয়া প্ৰতিজনৰ পকেটত সৃষ্টি হোৱাৰ ফলত নিযুক্তি প্ৰাপ্ত সাংবাদিকক কোনো তদন্ত বা বিচাৰ বিবেচনা নকৰি নিযুক্তি দিয়াৰ ফলত পৰ্টেল চেনেলৰ জনপ্ৰিয়তাত অতি সহজে ঘূণে ধৰাৰ উপক্ৰম ঘটিছে। গতিকে সময় থাকোতেই পৰ্টেল চেনেলৰ মালিকপক্ষ আৰু ইয়াৰ সাংবাদিকৰ সন্থা অতি শীঘ্ৰে গঠন কৰি এনে পৰিস্থিতিৰ নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী সততে এতিয়া বিশেষ ভাৱে চৰ্চিত হৈ পৰিছে বুলি বাটৰিটোত প্ৰকাশ।