ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এইবাৰ ষ্ট্ৰিং অপাৰেচন চলালে সাংবাদিকৰ দলে ৷
এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ পৰ্বতঝোৰাৰ কাজী গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত শুপাৰীঘাটত ৷ আগে - আগে ড্ৰাগছ মাফিয়া পিছে - পিছে সাংবাদিকৰ দল ৷
এই ঘটনা সংঘটিত হৈছে পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শুপাৰীঘাটত ৷
দীৰ্ঘ দিনৰ পৰা শুপাৰীঘাট অঞ্চলত চলি আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷এক গোপন খবৰৰ ভিক্তিত আজি এটা সাংবাদিকৰ সজাতি দলে ষ্ট্ৰীঙ অপাৰেচন কৰাত ওলাই পৰে ভয়ংকৰ দৃশ্য সাংবাদিক সকলক দেখি ড্ৰাগছ মাফিয়াৰ দলটোৱে দৌৰি পলাই যোৱাৰ সমায়ত এজন ড্ৰাগছ মাফিয়াক স্থানীয় ৰাইজে খেদি - খেদি আটক কৰিবলৈ সক্ষম হয়।
ৰাইজে আটক কৰা ড্ৰাগছ মাফিয়া জনৰ নাম ৰাহুল নাৰজাৰী বুলি জানিব পৰা গৈছে।
ৰাইজে আটক কৰা ড্ৰাগছ মাফিয়া জনক ৰাইজেকাজিগাওঁ আৰক্ষীক গতাই দিয়ে ৷
এতিয়া প্ৰশ্ন হল ড্ৰাগছ মাফিয়া দলৰ বাকী সদস্য কেইজনক আটক কৰিব পাৰিব নে কাজী গাঁও আৰক্ষী। সেয়া সময়ত লক্ষণীয় হব। দলটোত আছিল কেইজনীয়া ড্ৰাগছ মাফিয়া ৷
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস ।
