Share on Facebook

অসম মিঞা পৰিষদৰ দুই নেতাক জিলা আৰক্ষী প্ৰশাসনে আটক কৰি ইতিমধ্যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰা আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে।

 অসম মিঞা পৰিষদৰ দুই নেতাক জিলা আৰক্ষী প্ৰশাসনে আটক কৰি ইতিমধ্যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰা আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে।



সমগ্ৰ দেশ,উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ৰাজ্যজুৰি তুমুল বিতৰ্ক আৰু সমালোচনাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা নামনী অসমৰ গোৱালপাৰা জিলাৰ জলেশ্বৰ অঞ্চলত স্থাপন কৰা মিঞা মিউজিয়াম ৰাজ্য চৰকাৰে বন্ধ কৰি অসম মিঞা পৰিষদৰ দুই নেতাক জিলা আৰক্ষী প্ৰশাসনে আটক কৰি ইতিমধ্যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰা আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে।প্ৰাপ্ত তথ্য মতে অলপতে আটক কৰা নজৰুল ইছলাম ,ৰফিকুল ইছলাম ,হাফিজুৰ ৰহমান আৰু চাইফুল ইছলাম নামৰ চাৰিজন পি এফ আই নেতা সদস্যৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আজি আটক কৰা অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলি আৰু উপ সভাপতি আব্দুল বাতেনক নলবাৰী জিলাৰ ঘগ্ৰাপাৰা আৰক্ষী থানাৰ গোচৰ নং 163/22 , U/S -120 (B)/121(A)/122 IPC, R/W section 10/13 UA (P) নং ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত আটক কৰি AQIS আৰু ABT সন্দৰ্ভত ব্যাপক তদন্ত আৰু সোধ পোচ আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰত জানিব পৰা গৈছে।একেদৰে মিঞা মিউজিয়াম উদ্বোধন কৰা নাহৰকটিয়া জুনিয়ৰ কলেজৰ অধ্যক্ষ তনু ধাদুমিয়া তেওঁৰ নিজ গৃহ কাৱৈমাৰিৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি নলবাৰীলৈ অনা হৈছে বুলি জানিব পৰা গৈছে।ইফালে মিঞা মিউজিয়ামৰ মূল মাষ্টাৰ মাইণ্ড তথা অতি বিতৰ্কৰ সৃষ্টি কৰি কংগ্ৰেছ(ই) দলৰ পৰা বহিষ্কৃত হোৱা সন্দেহযুক্ত জেহাদীৰ সমৰ্থক বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলিক ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ আটক কৰি তদন্ত নকৰাত সৃষ্টি হৈছে সমগ্ৰ দেশ আৰু ৰাজ্য জুৰি সচেতন ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদৰ জোৱাৰ।অতি শীঘ্ৰে বিধায়ক গৰাকীক আটক কৰিবলৈ দাবী জনাইছে।


বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post