গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত SITৰ তদন্ত সম্পূৰ্ণ, মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল হ'ব প্ৰতিবেদন
আমাৰতো হিট, তেওঁৰতো ফ্লপ হ'বই...সেইকাৰণে অলপ সময় বিচাৰিছে...লাজ কৰিছে...কেনেকৈ দেখাব, সবে বুজিয়ে পায়...ৰিজাল্টটো আমি আগৰ পৰাই জানো...BOX OFFICEত ফ্লপ হ'বঃ গৌৰৱ গগৈ।
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত হোৱা বিশেষ অনুসন্ধানী দলে (SIT) গঢ়ি তোলা তদন্ত আজি সম্পূৰ্ণ হৈছে। সন্ধিয়া ৬ বজাৰ লগে লগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক তদন্তৰ সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিব বুলি SITৰ এটা উচ্চপদস্থ সূত্রে জনাইছে।
ইতিমধ্যে জনতা ভৱনৰ দিশে গমন কৰিছে SITৰ দল। এই তদন্তত বিভিন্ন প্ৰমাণ, নথি-পত্ৰ আৰু বৈদ্যুতিন তথ্যৰ ভিত্তিত বিশ্লেষণ কৰি এক পূৰ্ণাঙ্গ প্ৰতিবেদন তৈয়াৰ কৰা হৈছে।
সূত্রৰ মতে, তদন্তৰ সময়ত বহু গুৰুত্বপূর্ণ তথ্য প্ৰকাশ পাইছে। যদিও এই প্ৰতিবেদনত কি থাকিব আৰু গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত ঠিক কি নিৰূপণ হৈছে, সেই বিষয়ে চৰকাৰীভাৱে এতিয়ালৈকে কিবা প্ৰকাশ কৰা হোৱা নাই।
জনসাধাৰণৰ মাজত ইতিমধ্যে এই বিষয় লৈ ব্যাপক আগ্ৰহ আৰু জল্পনা চলি আছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন গ্ৰহণ কৰাৰ পাছত চৰকাৰৰ পক্ষৰ পৰা আনুষ্ঠানিক মন্তব্য আহিব বুলি আশা কৰা হৈছে।
আমাৰতো হিট, তেওঁৰতো ফ্লপ হ'বই...সেইকাৰণে অলপ সময় বিচাৰিছে...লাজ কৰিছে...কেনেকৈ দেখাব, সবে বুজিয়ে পায়...ৰিজাল্টটো আমি আগৰ পৰাই জানো...BOX OFFICEত ফ্লপ হ'বঃ গৌৰৱ গগৈ।