ঢকুৱাখনাত বহিছে আমৰ মেলা.....থলুৱা আম বিচাৰি ৰাইজৰ ব্যাপক সমাগম
আম খাই ভাল পাই নেকি আপুনি..? তেতিয়াহ'লে আপুনি আহিব পাৰে ঢকুৱাখনাৰ নৰ্মাল স্কুললৈ। ইয়াত বজাৰত ওলোৱা ঔষধ দি পকোঁৱা আম নহয়, থলুৱা আমহে খাব পাব আপুনি। এবিধ বা দুবিধ নহয়, ষাঠি বিধৰ ওপৰৰ আম ৰখা হৈছে সকলোৰে বাবে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পোৱা ভিন্ন প্ৰজাতিৰ আম ইয়াত কেৱল প্ৰদৰ্শনৰ বাবেই নহয় বিক্ৰীৰ বাবেও ৰখা হৈছে। উল্লেখযোগ্য যে, ঢকুৱাখনাৰ থলুৱা সম্পদ সংৰক্ষণ সমিতিৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰ ঢকুৱাখনাত আয়োজন কৰা হৈছে "আম মেলা"। বহু কেইবিধ হেৰাই যাব ধৰা প্ৰজাতিকে ধৰি ষাঠি বিধৰ ওপৰৰ আম সংগ্ৰহ কৰি ঢকুৱাখনা নৰ্মাল স্কুলত আয়োজন কৰা মেলাখন আজি উদ্বোধন কৰে ঢকুৱাখনাৰ খণ্ড উন্নয়ন বিষয়া গোপাল শৰ্মাই। আনহাতে ঢকুৱাখনা, ধেমাজি আৰু মাজুলীৰ বিভিন্ন স্থানৰ পৰা বিক্ৰীৰ বাবে অনা আমৰ বাবে স্থাপন কৰা বিপনী খন উদ্বোধন কৰে মধুপুৰ চাহ বাগিচাৰ মুখ্য প্ৰবন্ধক পৰাগ বৰুৱাই। বিপনীখন উদ্ধোধন কৰি বৰুৱাই হেৰাই যাব ধৰা থলুৱা ফলমূল বিশেষকৈ সকলোৰে প্রিয় ফল আমৰ বিপনন তথা সংৰক্ষণৰ ক্ষেত্ৰত লোৱা এই পদক্ষেপৰ বাবে আয়োজক সমিতিৰ শলাগ লয়। ইয়াৰ পাছতে "থলুৱা আমৰ সংৰক্ষণ, সংবৰ্ধন আৰু বাণিজ্যিকৰণৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱলীকৰণ" শীৰ্ষক আলোচনা চক্ৰখন উদ্বোধন কৰে ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই। অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডঃ হিতেন্দ্ৰ কুমাৰ দত্তই সঞ্চালনা কৰা সভাখনত গৱেষক জিতুল শইকীয়া, ডঃ নাৰায়ণ তালুকদাৰ, ডঃ ৰা