ঢকুৱাখনা অয়েঙীয়া বৰ গাঁৱৰ চামপৰা নৈত তিনি কিশোৰীৰ সলীল সমাধি ।
ঢকুৱাখনা অয়েঙীয়া বৰ গাঁৱৰ চামপৰা নৈত তিনি কিশোৰীৰ সলীল সমাধি । মাণিক পাৱৰ কণ্যা হেমামালিনী পাৱ (১২), তৰণী তাৱৰ কণ্যা সুনীতা তাৱ (১১) আৰু প্ৰয়াত তুলাৰাম টাইদৰ কণ্যা লুলুমণি টাইদ (১১) সমীপৰ চামপৰা নৈত গাধুবলৈ গৈ সলীল সমাধি ।
দেওবাৰৰ বন্ধৰ দিনটোতে কাল অমানিশা নমাই আনিলে ঢকুৱাখনা মৰনৈ বেবেজীয়াৰ অয়েঙীয়া বৰ গাঁৱলৈ। বন্ধৰ দিনত পুৱাই পিতৃ-মাতৃ আহুধান দাবলৈ যোৱাত তিনি কণ্যা গৈছিল চামপৰা নৈত গাধুবলৈ ।কিন্তু চামপৰা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে তিনিওকে । নৈৰ পাৰত থকা এজন কিশোৰে ঘটনাটো দেখি কিং কৰ্তব্য বিমুঢ় হৈ দৌৰি আহি গাঁৱৰ ৰাইজক খবৰ দিওঁতে বহু পলম হৈ গ'ল।
ইতিমধ্যে তিনিওজনী কিশোৰীক গাঁৱৰ ৰাইজে পাৰলৈ তুলি আনে যদিও তিনিওৰে মৃত্যু হয়। বৰ্তমান ঘিলামৰা আৰক্ষী তথা মহকুমা প্ৰশাসনক খবৰ দিয়া হৈছে যদিও প্ৰায় দুঘন্টা পলমকৈ চৰকাৰী লোক ঘটনাস্থলীত উপস্থিত হয়।