ঘিলামৰাত চামপৰা নদীৰ বানে চিঙি নিলে গড়কাপ্তানি পথ। ৰাইজৰ দুৰ্ভোগ
ঢকুৱাখনা সমষ্টিৰ ঘিলামৰাৰ বিলমুখ পঞ্চায়তৰ বিস্তৃত এলেকাত যোৱা তিনিদিন ধৰি জীয়াঢল,চামপৰাৰ বাঢ়নী পানীয়ে বান পৰিস্থিতিৰ সৃষ্টি কৰিছে।
বাঢ়নী পানীয়ে,-ঘিলামৰা-গোগামুখ সংযোগী-৪২ নং ৰাজ্যিক ঘাই পথৰ পৰা চামপৰা-দক্ষিণ-বাংক্লেং হৈ গা-ডাঙৰচুক সংযোগী গড়কাপ্তানি পথটোৰ এঠাইত প্ৰায় ৪০ মিটাৰ অংশ কালি যোৱা নিশা চিঙি উটাই নিয়াত -৫/৬ খন গাঁৱৰ ৰাইজ একপ্ৰকাৰ জলবন্দী হৈ পৰিছে। শিক্ষাৰ্থী-ৰোগীকে আৰম্ভ কৰি সৰ্বাসাধৰণ ৰাইজ ঘিলামৰালৈ যাতায়ত কৰাটো সমস্যা হৈ পৰিছে।