চকলিৰ নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উখল-মাখল পৰিৱেশ
গোলাঘাট জিলা বৰপথাৰৰ চকলি হিন্দী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত 'চকলি আঞ্চলিক বিহু মঞ্চ'ৰ উদ্যোগত ১ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা নৃত্য কৰ্মশালাৰ বুধবাৰে সফল ভাবে সামৰনি পৰে । উদুলি-মুদুলি পৰিৱেশেৰে উক্ত নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি আয়োজন হয় । ১০ দিনীয়াকৈ অনুষ্ঠিত কৰা এই কৰ্মাশালাখনিত অঞ্চলটোৰ মুঠ 74 জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে, শিশুসকলৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰি এখন সফল মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যৰে 'চকলি আঞ্চলিক বিহু মঞ্চ'ৰ আন এক প্ৰশংসনীয় পদক্ষেপ । এই নৃত্য কৰ্মশালাৰ পাছত অহা 13 জুলাই তাৰিখে স্থাপন কৰিব চকলিত সংগীত বিদ্যালয় ।