" মিলনকুৰৰ বিননি শুনিব কোনে ?"
আজি ৰাতিপুৱাৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী ভয়ংকৰ হোৱাত থাওৰা সমষ্টিৰ পানীদিহিং মৌজাৰ আটাইতকৈ পিছপৰা পশ্চিম পানীদিহিং গাওঁ পঞ্চায়তৰ লুইতপৰীয়া মিলনকুৰ গাঁৱৰ লগতে শামুকজান,বালিকুৰ,দলপা আদি কেবাখনো গাৱৰ ঘৰ-বাৰী বানপানীত ধুবি থকা দেখা গৈছে ।একমাত্ৰ দিচাংমুখ সংযোগী PW পথটো ছিগী যোৱাত অঞ্চলতোৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে।
লগতে দিহিংমুখ ঐতিহ্যমণ্ডিত দিহিং কলঘৰ ,লাইবিল মিৰি পথাৰ,চেঁচামুখ ভেকুলী চাপৰিত দিহিং নদীৰ ভয়ংকৰ হোৱাত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে। ইতিমধ্যে বানপানীত আপোন ঘৰ হেৰুৱাই ৰাইজে মথাউৰি পাৰত ঘৰ নিৰ্মাণ কৰি বসবাস কৰি থকা দেখা পোৱা গৈছে। উল্লেখ্য যে, বিগত কোনো এখন চৰকাৰে বানপানীৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে অভিযোগ কৰিছে। আনহাতে জাতি,মাটি,ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰখনেও বৰ্তমান অঞ্চলটোৰ দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলি ৰাইজে জানিব দিয়ে।ৰাইজে অভিযোগ কৰা অনুসৰি নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহি অঞ্চলটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব বুলি ভুৱা প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰতিশ্ৰুতি পাহৰি যায়। প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাক অঞ্চলটোৰ ৰাইজে এদিনো দেখা নাপালে বুলিও অভিযোগ কৰে।