ঢকুৱাখনাত বানপানীৰ ভয়ংকৰ তাওৱ
যোৱা এসপ্তাহ ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাৰ নৈৰ লগতে ঢকুৱাখনা মহকুমাৰ অন্তগত মাতমৰা-বাঘচুকত ব্ৰক্ষপুত্ৰৰ নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰোপ ধাৰন কৰিছে৷ফলত কেইবাখনো গাওঁ বাঘচুক,বান্দেনা,বৰবিলকে আদি কৰি ৰাইজ এক আতংকময় পৰিৱেশৰ মাজেৰে সময় অতিবাহিত কৰিব লগা হৈছে আৰু শতাধিক গৃহত পানী সোমোৱাৰ লগতে পশুধনৰ বাবে খাদ্য নাটনি হোৱা পৰিলক্ষিত হৈছে৷
বানপীড়িত মাতমৰা বাসিয়ে পানীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মথাউৰি ওখ ঠাইলৈ ঢাপলি মেলিছে৷কিন্তু ইমানৰ পাছতো ব'ওমানও ঢকুৱাখনা প্ৰশাসনৰ পৰা কোনো ধৰনৰ সহাঁৰি পোৱা নাই বুলি স্হানীয় ৰাইজে অৱগত কৰিছে৷