ঘিলামৰাৰ পাৰঘাটত বানপীড়িতক সাহাৰ্য কৰ্মচাৰী পৰিষদৰ
বিগত বানৰ সময়ত কঢ়া নদীৰ বানে ক্ষতিগ্ৰস্ত কৰা ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা পঞ্চায়তৰ ১ নং পাৰঘাট গাঁৱত আজি ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ দ্বাৰা এটি বান সাহায্য শিবিৰৰ আয়োজন কৰা হয়।জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক অতুল চুতীয়াই আঁত ধৰা আৰু সভাপতি জীৱন গগৈয়ে উদ্বোধন কৰা এই সাহাৰ্য শিবিৰত পাৰঘাট গাঁৱৰ নৈপৰীয়া বানপীড়িত ৰাইজক ব্যক্তিগত ধন খৰছ কৰি ৪০ তাৰো অধিক বানাক্ৰান্ত বানপীড়িত পৰিয়ালক কম্বল ,চাউল,দাইল,নিমখৰ পকেট,বিস্কুট, চাৰ্ফ, চাবুন ফেনাইল বিতৰণ কৰে।উক্ত পদক্ষেপৰ কাৰণে বানাকান্ত লোকসকলে বিভিন্ন সমগ্ৰীবিতৰণ কৰা ঢকুৱাখনাৰ জিলা কৰ্মচাৰী পৰিষদক ধন্যবাদ জনাই।প্ৰতিবছৰে বিধস্ত কৰা ঢকুৱাখনাৰ কেইবাটাও পঞ্চায়তৰ বহু কেইখন গাঁও বাৰিষা হলেই পানীত প্লাবিত হয়। দুভাগ্য জনক ঘটনা যে এই পঞ্চায়ত সমূহৰ প্লাবিত হোৱা গাঁও সমূহ চৰকাৰে যেনেধৰণে গুৰুত্বপূৰ্ণ দিব লাগিছিল তেনেধৰণৰ দিয়া নাই বুলি অভিযোগ উত্থাপিত হৈছে।