Share on Facebook

TMPK আৰু TMMK সমিতিৰ উদ্যোগত সোৱণশিৰি ঘূণাসুঁতি ঘাগৰ ফেৰী ঘাটৰ অনায়াসে য...















TMPK আৰু TMMK সমিতিৰ উদ্যোগত সোৱণশিৰি ঘূণাসুঁতি ঘাগৰ ফেৰী ঘাটৰ অনায়াসে য...



আজি ঘূণাসুঁতি মিৰি জীয়ৰী মহাবিদ্যালয়ত ৰৃক্কং ঘূণাসুঁতি বাংকে, ৰৃগদুম ঘূণাসুঁতি বাংকে আৰু মহাইজান বাংকে           TMPK আৰু TMMK সমিতিৰ উদ্যোগত সোৱণশিৰি ঘূণাসুঁতি ঘাগৰ ফেৰী ঘাটৰ অনায়াসে যাত্ৰীৰ ওপৰত দূৰ্নীতি  চলোৱাত সদৌটি ঘূণাসুঁতি বাসী ৰাইজৰ সহযোগত লখিমপুৰ জিলা  MMK সমিতিৰ সভাপতি  মিগাং দিলীপ পেগুৰ সভাপতিত্বত বিশাল ৰাজহুৱা সভা  বহে। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে লখিমপুৰ জিলা সমিতি MMK ৰ উপ সভাপতি মিগাং পৰমানন্দ মিলি দেৱে। 
সোৱণশিৰি ঘূণাসুঁতি ঘাগৰ ফেৰী ঘাটৰ  ডিব্ৰুগড় সংমণ্ডলৰ  জল পৰিৱহণ বিভাগে এশ এবুৰি  দূৰ্নীতি চলোৱা বিষয়টি ঘূণাসুঁতি বাসী ৰাইজৰ হৈ ঘূণাসুঁতি মিৰি জীয়ৰী মহাবিদ্যালয়ৰ প্রৱক্তা সুনীল চিন্তে, মিৰি জীয়ৰী হাই স্কুলৰ  সহ শিক্ষক যদুমনি দাস, ঘূণাসুঁতি হাই স্কুলৰ সহ শিক্ষক তথা কবি ও সোৱণশিৰি উন্নয়ন সমিতিৰ সক্ৰিয় সদস্য যোগেন টাইদ, ২নং বামুনীজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন টাইদকে ধৰি বহু জন শিক্ষক তথা সমল ব্যক্তিয়ে ঘাগৰ ঘাটৰ এশ এবুৰি সমস্যাক অনতি পলমে চৰকাৰক ব্যবস্থা গ্ৰহন কৰিবলৈ আহ্বান জনায়। 
সভাত অংশ গ্ৰহণ কৰি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য তথা ১৯ নং ঘূণাসুঁতি পূৱ তেলাহী সমষ্টিৰ সাধাৰণ সদস্য বিজু কুমাৰ পেগু ডাঙৰীয়ায়াই কয় যে ডিপার্টমেন্টে  সচাঁই যদি জনসাধাৰণক পাৰা-পাৰ কৰাত ব্যাঘাত জন্মায়ছে, চৰকাৰী ভাৰা নিৰিখৰ ওপৰত ধন উঠাই লৈছে, নাৱৰ ব্যৱস্থা সুচল কৰি দিয়া হোৱা নাই তেন্তে ৰাইজে ডিপার্টমেন্টৰ পৰা mac লৈ প্রস্থাৱ দিৱ পাৰে বুলিও সমূহ ৰাইজক অৱগত কৰে। 
কেন্দ্ৰীয় মিচিং আগম কৗবাংৰ জইন চেক্রেটাৰী ড* অনিল পেগু ডাঙৰীয়াও সভাত অংশ গ্ৰহণ কৰি চৰকাৰী পাৰা পাৰ ঘাটত কি কি ব্যৱস্থা থাকে এইখিনি তথ্যভিত্তিত ৰাইজক অৱগত কৰি  ইয়াৰ সুব্যৱস্থা অনতি পলমে  প্রকাশনৰ মজিয়াত গনতান্ত্রীক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। 
শেষত সভাই সজাতি দল এটা গঠন কৰি অহা ইং 13/08/2019 তাৰিখে উ:লখিমপুৰ উপায়ুক্ত  কাৰ্য্যালয়ত ইয়াৰ স্থায়ী সমাধান দিব নোৱাৰিলে জংগী  আন্দোলন গঢ়ি তুলিবলৈ ৰাজহুৱা সভাই প্ৰস্তাৱ ও সিদ্ধান্ত গ্ৰহণ কৰা হয়। 




MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post