বিশ্ব ৰেকৰ্ড গঢ়াৰ দুৰ্বাৰ হেপাঁহ ঢকুৱাখনাৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান কৃষ্ণ কান্ত পাৱ।
এজন মেধাৱী সম্পন্ন প্ৰতিভাৱান খেলুৱৈ। নাম তেওঁ কৃষ্ণকান্ত পাৱ। লখিমপুৰ জিলাৰ ঢকুৱাখনা বৰ অয়েঙীয়াৰ গাঁৱৰ এইজন খেলুৱৈয়ে স্কুলীয়া জীৱনৰ পৰা বিভিন্ন অঞ্চলত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। কেৱল দৌৰি ভালপোৱা এইজন খেলুৱৈয়ে দিন ৰাতি একাকাৰ কৰি ১০ ৰ পৰা ১২ ঘন্টা একেৰাহে কঠোৰ পৰিশ্ৰমৰে দৌৰি দৈনিক অনুশীলন কৰি আহিছে। যোৱা বৰ্ষত ঢকুৱাখনাৰ চহৰৰ পৰা ধেমাজিৰ জোনাইলৈকে ১৮০ কিলোমিটাৰ দৌৰিছিল যদিও বিশেষ অসুবিধাৰ কাৰণে সম্পূৰ্ণ কৰিব নোৱাৰিলে যদিও হাৰ মনা নাই এইজন প্ৰতিভাৱান খেলুৱৈয়ে। বিশ্ব ৰেকৰ্ড কৰা মনৰ দুৰ্বাৰ বাসনা থকা কৃষ্ণ কান্ত পাৱে বাস্তৱত ৰূপায়ণ কৰিবলৈ পুনৰ আকৌ দুগুণ কঠোৰ পৰিশ্ৰমৰে দৌৰৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু কি হব ? অতি দৰিদ্ৰ ঘৰৰ এইজন খেলুৱৈক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দৈনিক বিভিন্ন ধৰণৰ শক্তি দায়ক শাক পাচলি আৰু ফলমূলৰ আৱশ্যক যদিও কেৱল দৰিদ্ৰ হোৱা কাৰণে যোগাৰ কৰি লব পৰা নাই। এযোৰ সুন্দৰ জোটা, মুজা যোগাৰ কৰিব নোৱাৰা এইজন খেলুৱৈৰ বিশ্ব ৰেকৰ্ডৰ হেঙাৰ হোৱা কাৰণে সপোন সপোন হৈ থকা দেখি মনত বেজাৰ। আৰ্থিক সমস্যাৰ বাবে থমকি ৰ'ব লগা হৈছে ঢকুৱাখনা সমষ্টিৰ কৃষ্ণ কান্ত নামৰ প্ৰতিভাৱান খেলুৱৈজনে।অতি দৰিদ্ৰ কৃষক পুত্ৰ--জীৱন্ত নৰহক লাগে এতিয়া মিচিং স্বায়ত্ব শাসিত পৰিষদ, বিভিন্ন হৃদয় বান লোক, অসম চৰকাৰৰ সুবিধা, ক্ৰীড়া মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ দল-সংগঠন আৰু অসমবাসী ৰাইজৰ সহায়-সহযোগিতাই উপকৃত কৰিব কৃষ্ণকান্ত পাৱৰ ক্ৰীড়া জগতলৈ। তাৰ কাৰণে আপুনিও কৃষ্ণকান্তক আৰ্থিক সহায়ৰ আগবাঢ়ি আহিব পাৰে