"জুনিয়ৰ ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতা-২০১৯"
গত ১৮ ৰ পৰা ২১ আগষ্ট তাৰিখলৈ পঞ্জাবৰ অমৃতস্বৰত অনুষ্ঠিত হৈ যোৱা "জুনিয়ৰ ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতা-২০১৯" ৰ সফলভাৱে সামৰণি পৰে। অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ সাধাৰণ সম্পাদক লক্ষ্যজিত দলে, এছ'চিয়েশ্ব্যনৰ জ্যেষ্ঠ প্ৰশিক্ষক স্বপন বড়ো আৰু মনোজ কালৱাৰৰ নেতৃত্বত চাৰিগৰকী অফিচিয়েল সহ ১৯ জনীয়া অসম দলটোত যোৰহাট জিলাৰ অভিষেক ভৰালী, গোলাঘাট জিলাৰ লাকী দাস আৰুশোণিতপুৰ জিলাৰ পৰা ৰীমা বড়োৱে একোটাকৈ ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অহা চেপ্টেম্বৰ আৰু অক্টোবৰ মাহত মালয়েচিয়া, থাইলেণ্ডত আৰু ছিংগাপুৰত অনুষ্ঠিত হ'বলগিয়া আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্যতা লাভ কৰা অসমৰ ৯ গৰাকী খেলুৱৈৰ উন্নত প্ৰশিক্ষণৰ বাবে ১৪ ৰ পৰা ১৯ চেপ্টেম্বৰ তাৰিখে বিশ্বনাথ জিলাৰ গহপুৰত সপ্তাহজোৰা এক বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে বুলি এছ'চিয়েশ্ব্যনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক শ্ৰী লক্ষ্যজিত দলেএ জানিবলৈ দিয়ে। অমৃতস্বৰৰ পৰা ওভতনী যাত্ৰা কৰা অসম দলটি ২৬ তাৰিখৰ দিনা গুৱাহাটী আহি পাবহি বুলি এছ'চিয়েশ্ব্যনৰ উপসভাপতি শ্ৰীযুত মৃদুল প্ৰবন জোন দেৱে জানিবলৈ দিয়ে