Breaking News:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডলৰ অধীনৰ অপৰাধ অনুসন্ধান ৰেঞ্চৰ বনকৰ্মীৰ জালত ৫ টাকৈ চোৰাং চিকাৰী ৷ আটকআধীন চোৰাং চিকাৰী কেইটা ক্ৰমে বুধিন্দ্ৰ কামান, প্ৰণৱ কুটুম , সুভন কুটুম, শিৱগুৰু পেগু আৰু কুআৱাটি পেগু ৷ ২০১৯ বৰ্ষৰ ৮ এপ্ৰিলত গমিৰি বনাঞ্চলিক কাৰ্যালয় অধিনৰ গহকুৰৰ লখৰা চাপৰিত সংঘটিত গড় হত্যাৰ লগত জড়িত চিকাৰী কেইটা ৷ আৰক্ষী আৰু বিশেষ গড় সুৰক্ষা বাহিনীৰ সহযোগত আটক কৰা চোৰাং চিকাৰী দলটোৰ পৰা গঁড়ৰ নখ উদ্ধাৰ হোৱাৰ লগতে এখন মটৰচাইকেল আৰু ৪ টা মোবাইল জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ নখ কেইটা বিক্ৰী কৰিবলৈ দৰ দাম কৰি থকা সময়তে চোৰাং চিকাৰীৰ দলটোক আটক কৰিবলৈ সক্ষম হয় বনকৰ্মীয়ে । ইফালে এটা নখত ৬ হাজাৰ টকা কৈ বিক্ৰী কৰিবলৈ লোৱা বুলি প্ৰকাশ কৰিছে চোৰাং চিকাৰীৰ দলটোৱে ৷
News Desk