ঢকুৱাখনাৰ চিলিংঘাটতত মৃত দেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি ৷
জানিব পৰা মতে ঘিলামৰা থানা অন্তৰ্গত বৰষামুখ গাঁৱৰ ব্যক্তিজনৰ নাম লক্ষীনাথ টাইদ বুলি জানিব পৰা গৈছে, বয়স ৬৩ বছৰ ৷কালি আবেলি ৪ বজাত ধাননি পথাৰ চাব যাওঁতে চাৰিকড়ীয়া আৰু কঢ়া নৈত আকৎস্মিকভাৱে পানীৰ পকনীয়াত পৰি মৃত্যু হয় ।
সন্ধিয়া ৬ বজাত দুজনমান ব্যক্তিয়ে খালি নাওখন প্ৰত্যক্ষ কৰে আৰু বিচাৰ খোচাৰ কৰাত নৈত ব্যক্তি জন পানীত ডুব গৈ থকা অৱস্থাত উদ্ধাৰ কৰে যদিও মৃত্যুৰ অৱস্থাত দেখা পায়।
তেখেতৰ নিজৰ পত্নী আৰু তিনিজন পুত্ৰ, দুগৰাকী বোৱাৰী আৰু ৫ গৰাকী নাতি নাতিনী এৰি থৈ গৈছে।
ঘটনাস্থলিত পুৱা বহু পলমকৈ ঘিলামৰা থানা আৰক্ষী উপস্থিত হৈ মৃতদেহটো লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰে।