দিচাংমুখ লিগিৰীবাৰীত বন্যহস্তীয়ে তহিলং কৰিলে ধাননী পথাৰ।
দিচাংমুখৰ সমীপৰ লিগিৰিবাৰী গাঁৱত কালি নিশা এজাক বন্যহস্তীয়ে গাঁওখনৰ বহু কৃষকৰ সজাঁল ধৰা ধান খাই অনিষ্ট কৰাৰ লগতে গচকি তহিলং কৰা দেখা গৈছে ৷
কালি নিশা সজাঁল ধৰি ওলাবলৈ ধৰা ধান খাবলৈ পোৱাৰ বাবে আজিও সন্ধিয়াতে দিচাং চাপৰিত আশ্ৰয় গ্ৰহণ কৰি থকা বন্যহস্তীৰ জাকটোৱে আজি দিচাং নদীৰ পাৰত চিঞৰ-বাখৰ কৰি গাঁও সমুহত আতংকৰ সৃষ্টি কৰিছে ৷
স্থানীয় ৰাইজৰ লগতে দিচাংমুখ গাঁও পঞ্চায়তৰ সভাপতি শান্তিৰাম পাংগিং, গাঁওবুঢ়া ৰূপেশ্বৰ পাংগিং, নুনু য়েইনকে ধৰি শিৱসাগৰ জিলা বন বিভাগৰ কৰ্মচাৰীসকলে বন্যহস্তী খেদিবৰ বাবে লিগিৰিবাৰীৰ কৃষি পথাৰত উপস্থিত আছিল৷
কৃষকসকলৰ নাম উনেশ্বৰ মিলি, দেৱনাথ য়েইন, পূণ্য য়েইন,মাল গাম পাংগিং,মধু পাংগিং, নাম্প পাংগিং,খনিৰাম মিলি, দ’খিৰাম মিলিকে আদি কৰি বহু কৃষ্ণকৰ বিস্তৰ ক্ষতি কৰা দেখা পোৱা গৈছে।৷