দিচাংমুখৰ অফলাত ভয়াৱহ গৰাখহনীয়া ।
শিৱসাগৰ জিলাৰ দিচাংমুখ সমীপৰ অতি ভিতৰুৱা গাঁও অফলাত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে ৰাইজে নদী মাতৃক হৰিনামেৰে নাম গাই পুজা কৰা দেখা পোৱা গৈছে।
শিৱসাগৰ জিলা প্ৰশাসন তথা কোনো এজন জনপ্ৰতিনিধিয়ে এতিয়া পৰিদৰ্শন কৰা দেখা পোৱা নাই ৷
ব্ৰহ্মপুত্ৰৰ খহনীয়াই জলসম্পদ মথাউৰি খহাই নিলে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ বহু কেইখন গাঁও ।
জলসম্পদ বিভাগে প্ৰতিৰোধৰ নামত এতিয়ালৈকে কেইডালমান বাঁহৰ জেঙ দিয়াৰ বাহিৰে স্থায়ী প্ৰতিৰোধৰ আঁচনি হাতত লোৱা দেখা পোৱা নাই।