Share on Facebook

তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ প্ৰেমিকৰ লগত পলায়ন কৰাৰ সন্দেহ পৰিয়ালৰ ।





তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ  প্ৰেমিকৰ লগত পলায়ন কৰাৰ সন্দেহ পৰিয়ালৰ ।

চেন্নাইত কোম্পানীৰ কাম কৰি কোনােমতে পৰিয়াল পােহপাল দিয়া লােক এজনৰ পত্নী নিৰুদ্দেশ । ঘটনাৰ বিৱৰণী মতে কিছুদিনৰ আগত চেন্নাইত কৰ্মৰত স্বামীয়ে কোম্পানীৰ PF সংগ্ৰহ কৰা এক লাখ পঞ্চাছ হাজাৰ টকা(1,50000.00) তেওঁৰ বেঙ্ক একাউণ্টলৈ জমা কৰি দিয়া হৈছিল । উক্ত টকা লৈ, অন্য তেওঁৰ প্ৰেমিকৰ লগত পলায়ন কৰাৰ সন্দেহ ব্যক্ত কৰিছে স্বামী তথা পৰিয়ালৰ লোকে । মহিলা গৰাকীয়ে এটি একমাত্ৰ ছাৰে-তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ।



গোলাঘাট জিলা বৰপথাৰ থানাৰ অন্তৰ্গত হেৰহেৰী গাঁৱৰ শ্ৰী ৰেব' মিলি নামৰ ব্যক্তিজনৰ পত্নী কল্পনা মিলি (28) যোৱা 3 ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে । মহিলাগৰাকীয়ে যোৱা 3 ছেপ্তেম্বৰ তাৰিখে যোৰহাটলৈ যোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈছিল, সেই দিন ধৰি  মহিলা গৰাকী আজি পৰ্য্যন্ত নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে মহিলা গৰাকীৰ নিৰুদ্দেশ সম্পর্কত বৰপথাৰ থানাত এখন এজাহাৰ দিয়া বুলি জানিবলৈ দিয়ে ৷



তেওঁ এটি ছাৰে-তিনি বছৰীয়া কণমানি পুত্ৰ সন্তানক নিজা ঘৰত এৰি থৈ সন্ধানহীন হোৱাৰ পাছৰে পৰা মাকৰ অপেক্ষাত শিশুটোয়ে কান্দি-কান্দি পাৰ কৰিছে উজাগৰী নিশা ।



সেয়েহে মাতৃ কল্পনা মিলিৰ কোনো লোকে সন্ধান পালে 9025089552 নম্বৰত বা বৰপথাৰ আৰক্ষী থানাত জনাবলৈ স্বামীয়ে আহ্বান জনাইছে ।





MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post