তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ প্ৰেমিকৰ লগত পলায়ন কৰাৰ সন্দেহ পৰিয়ালৰ ।
চেন্নাইত কোম্পানীৰ কাম কৰি কোনােমতে পৰিয়াল পােহপাল দিয়া লােক এজনৰ পত্নী নিৰুদ্দেশ । ঘটনাৰ বিৱৰণী মতে কিছুদিনৰ আগত চেন্নাইত কৰ্মৰত স্বামীয়ে কোম্পানীৰ PF সংগ্ৰহ কৰা এক লাখ পঞ্চাছ হাজাৰ টকা(1,50000.00) তেওঁৰ বেঙ্ক একাউণ্টলৈ জমা কৰি দিয়া হৈছিল । উক্ত টকা লৈ, অন্য তেওঁৰ প্ৰেমিকৰ লগত পলায়ন কৰাৰ সন্দেহ ব্যক্ত কৰিছে স্বামী তথা পৰিয়ালৰ লোকে । মহিলা গৰাকীয়ে এটি একমাত্ৰ ছাৰে-তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ।গোলাঘাট জিলা বৰপথাৰ থানাৰ অন্তৰ্গত হেৰহেৰী গাঁৱৰ শ্ৰী ৰেব' মিলি নামৰ ব্যক্তিজনৰ পত্নী কল্পনা মিলি (28) যোৱা 3 ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে । মহিলাগৰাকীয়ে যোৱা 3 ছেপ্তেম্বৰ তাৰিখে যোৰহাটলৈ যোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈছিল, সেই দিন ধৰি মহিলা গৰাকী আজি পৰ্য্যন্ত নিৰুদ্দেশ হৈ আছে । পৰিয়ালৰ লোকে মহিলা গৰাকীৰ নিৰুদ্দেশ সম্পর্কত বৰপথাৰ থানাত এখন এজাহাৰ দিয়া বুলি জানিবলৈ দিয়ে ৷
তেওঁ এটি ছাৰে-তিনি বছৰীয়া কণমানি পুত্ৰ সন্তানক নিজা ঘৰত এৰি থৈ সন্ধানহীন হোৱাৰ পাছৰে পৰা মাকৰ অপেক্ষাত শিশুটোয়ে কান্দি-কান্দি পাৰ কৰিছে উজাগৰী নিশা ।
সেয়েহে মাতৃ কল্পনা মিলিৰ কোনো লোকে সন্ধান পালে 9025089552 নম্বৰত বা বৰপথাৰ আৰক্ষী থানাত জনাবলৈ স্বামীয়ে আহ্বান জনাইছে ।