عرض المشاركات من يناير, 2022
২৫, ২৬, ২৭ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ মূল অধিৱেশন । শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনি ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ৪,৫ আৰু ৬ তাৰিখৰ পৰিৱৰ্তে আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূল কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে ২০২২ চনৰ ফেব্ৰুৱাৰী মা…
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ ভূমি কেলেংকাৰী সন্দৰ্ভত কোকৰাঝাৰত কংগ্ৰেছ দলৰ প্ৰতিবাদী সমদল কোকৰাঝাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ ভূমি কেলেংকাৰী সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰে…
বোকাখাত সমষ্টিৰ পানবাৰী মিচিং গাঁৱৰ মুৰংঘৰৰ বাকৰিত লৃগাঙক আদৰাৰ ব্যাপক প্ৰস্তুতি। গাওঁ খনৰ বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক লোক উৎসৱ আলি-আয়ে-লৃগাঙৰ বাবে পৰম্পৰাগত পানীয় "প'ৰ আপং" সামৰি ৰখা হৈছে, অহা ফাগুন …
অসম অৰুনাচলৰ সীমান্ত অঞ্চল (মিংমাং) সীমা বিবাদ নিষ্পত্তি সমস্যাৰ সৈতে গোগামুখ ছাত্ৰ সন্থা উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট । নিৰীহ জনতাৰ ওপৰত আৰক্ষী বৰ্বৰতা বন্ধ কৰা ,গোগামুখত স্থায়ী অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ অতি শীঘ্ৰে স্থাপন, গোগামুখ মহাবিদ্যাল…
অসম চৰকাৰৰ দ্বাৰা মেৰাইন ইঞ্জিন বিনামুলীয়াকৈ বিতৰণ। চাবুৱা বিধানসভা সমষ্টিৰ অন্তর্গত গুইজানত বিধায়ক পুনাকন বৰুৱাই ২৩ গৰাকী হিতাধিকাৰি তথা নাওৰ মালিকক আজি মেৰাইন ইঞ্জিন বিতৰন কৰে। যোৱা কিছু মাহ পূৰ্বে মাজুলীত নাও দুৰ্ঘটনা হোৱাৰ ফলত অসম চৰকাৰৰ এক নিৰ…
ধেমাজি জিলাৰ ডিমৌ চাৰিআলিত মেদক ৰৃংগং কেবাঙৰ মুখ্য কাৰ্যালয় শুভাৰম্ভণি অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন অসমৰ অন্যতম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ বংশ সংগঠন মিচিং ৰৃংগং কেবাঙ কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্যালয় ধেমাজি জিলাৰ ডিমৌ চাৰিআল…
হেলেমৰ বুৰৈ পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত ।খাই গছকি তহিলং কৰিলে আলু খেতি। হেলেমৰ কুৰুৱা পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। প্ৰায় ৭০ - ৮০ জনীয়া হাতীৰ জাকে খাই গছকি তহিলং কৰিলে কপালৰ ঘাম মাটি কৰি খেতিয়কে কৰা আলু খেতি। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰ…
ঢকুৱাখনাৰ সোণাৰি চাপৰিত ক'ভিড যুদ্ধাক সম্বৰ্ধনা। আজি ঢকুৱাখনাৰ সোণাৰি চাপৰি গাওঁ পঞ্চায়তৰ উদ্যোগত পঞ্চায়তৰ কাৰ্যালয়ত দেশত সন্ত্ৰাস সৃষ্টি কৰা মহামাৰী ক'ভিড যুদ্ধাসকলক কৃতজ্ঞতা হিচাবে সম্বৰ্ধনা জনোৱা হয়। পঞ্চায়তৰ কাৰ্যালয়ত আয়োজিত সম্বৰ্ধনা সভা…
মিচিং স্বায়ত্ত শাসিত পৰিষদত ৭৩ সংখ্যক গনৰাজ্য দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগতো মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ৰ চৌহদত ৭৩ সংখ্যক গনৰাজ্য দিৱস উদযাপন কৰে। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমা…
হেলেমৰ কুৰুৱা পথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ ।ভাঙি পেলালে স্কুল, পকীঘৰ, পজাঁঘৰ। বন বিভাগৰ লোকৰ ওপৰত ক্ষোভ উজাৰিছে সাধাৰণ জনতাই। হেলেমৰ কুৰুৱা পথাৰত নিশা বনৰীয়া হাতীয়ে চলালে তাণ্ডৱ ।ভাঙি পেলালে ভদ্ৰু বিৰ্জা প্ৰাথমিক বিদ্যালয়, পকী ঘৰ সহ ছয়টাকৈ গৃহ। উজ…
নামনি অসমৰ কোকৰাঝাৰত এৱছু নেতা মনেশ্বৰ ব্রহ্মৰ ৰাজকীয় বিবাহ: উপস্থিত মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়ক,ভিভিআইপি,ভি আই পি, আমোলা বিষয়া। ৰাজ্যৰ নামনি অসম তথা বি-টি-আৰ (বি-টি-এ-ডি)এলেকাৰ ৰাজধানী চহৰ কোকৰাঝাৰৰ খাৰগাঁওত অনুষ্ঠিত হৈছে এক আলোড়ন সৃষ্টি কৰিব পৰা ৰ…
জোনাইত অবৈধভাৱে চলি আছে ফুল ঝাৰুৰ বেহা ৷ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বন বিভাগৰ পৰা কোনোধৰণৰ TP নোলোৱাকৈ অসমলৈ চোৰাংকৈ আনি অবৈধভাৱে নিজৰ ঘৰত দমে দমে মজুত ৰাখি বহু বছৰৰ পৰা চলাই আহিছে ফুল ঝাৰুৰ অবৈধ বেহা৷ এয়া জোনাইৰ ডেকাপামৰ দীনেশ গোৱালা নামৰ এজন ব্…
সমগ্ৰ ৰাজ্যজুৰি ২০২২চনৰ ২৬জানুৱাৰীৰ গণৰাজ্য দিৱস পালনৰ ব্যাপক প্ৰস্তুতি: ৰাজ্যৰ স্পৰ্শকাতৰ এলেকাত সেনা আৰক্ষীৰ ব্যাপক তালাচী। সমগ্র ভাৰতবৰ্ষ তথা ৰাষ্ট্ৰখনৰ লগতে অসমতো কটকটীয়া নিৰাপত্তা আৰু কোভিড মহামাৰীৰ প্ৰটকলৰ চৰকাৰী আইন মানি ৰাজ্য চৰকাৰে আগন্তুক 2…
নৱবৰ্ষত ৰাইজৰ মৰম আৰু আশীষ বিচাৰি জনপ্ৰিয় কণ্ঠশিল্পী ৰূপালী পায়ং আৰু ডি কে কামানৰ দ্বৈত কণ্ঠত কণ্ঠদান কৰা "নম ঙ ৰৃগচুলা" শীৰ্ষক মিচিং গীত আজি গোগামুখস্থিত অক্টেভ ষ্টুডিঅত মুকলি কৰে নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠ শিল্পী ধন কামানে কণ্ঠদান কৰা নম …
গোগামুখ মইনাপৰা মিচিং আদৰ্শ গাঁৱৰ নব্বৈ বছৰ গঢ়কা ইকুৰ মেদকে তাঁতশালত এতিয়াও ফুলবাছি বাস্তৱ জীৱনৰ লগত বিলীন হৈছে তেখেতৰ কৰ্মজীৱন। বৰ্তমান সময়ত তাঁতশাল কি নৱপ্ৰজন্ম সকলৰ কিমান জ্ঞাত কিমান তাঁতশালৰ প্ৰতি সচেতন তাকে কয় গৈছে ভাৰত স্বাধীন নোহোৱা আগে গাভ…
অসম বাৰ্তাজীৱি সংঘৰ ৪৫ তম লিডু অধিৱেশনত পতাকা উত্তোলনেৰে শুভ আৰম্ভ। অসম বাৰ্তাজীৱি সংঘৰ ৪৫ তম লিডু অধিৱেশনৰ প্ৰতিনিধি সভা এটি সমবেত সংগীতেৰে উদ্বোধন কৰা হয়। ২১, ২২ ,২৩ আৰু ২৪ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰথম দিনাৰ কাৰ্যসূচী প্ৰতিনিধ…
গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন। উদ্ভৱ ভৰালীক গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত! গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন। কেচ ডায়েৰী চোৱাৰ পিছত বৃহস্পতি বাৰে নাকচ কৰে জামিন আবেদন। ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ…
জোনাইৰ মধুপুৰ আৰু অৰুণ চাপৰিত এতিয়া অসমৰ অন্যতম ভূমিপুত্ৰ তথা নৈপৰীয়া মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙক আদৰিবলৈ নৃত্য গীতেৰে বিৰাজ কৰিছে । নিচাময় ফাগুনৰ শৰত, শীতৰ ঠেৰেঙা জাৰত উৰি যায় নঙতা গছৰ বেজাৰো । তেনে সময়তে শিমলো, মদাৰ, কম্বং ফু…
বিহালীত বাঘৰ আতংক অব্যাহত ।বাঘটোক পিঞ্জৰাবদ্ধ কৰাত বিফল বন বিভাগ। বিহালীৰ ৰাংছালী, বতীয়ামাৰী দলনি, জামনি অদি অঞ্চলত বাঘৰ আতংক অব্যাহত । প্ৰায় এসপ্তাহ ধৰি ঠাই সলনি কৰি বাঘটোৱে কেইবাটাও পহুধন মাৰি পেলাইছে। গোহালিৰ গৰুও টানি লৈ যোৱা লগতে দিন দুপৰতে চা…
গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়াঘাটত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ৰঙাগড়াঘাট তিনিআলিৰ এখন ব্ৰইলাৰ বিক্ৰী কেন্দ্ৰত জুইৰ সূত্ৰপাত হৈ কাষতে থকা এখন জোতা চেণ্ডেলৰ দোকানকে ধৰি এখন দৰ্জী দোকান, এখন ৱেলডিং দোকান আৰু এখন ফাষ্ট ফুড…
গহপুৰৰ বালিজানত উন্নয়ন মূখ নেদেখা এখন অঞ্চল। এখন পকী দলঙৰ বাবে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। স্বাধীনতাৰ ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো এখন পকী দলঙৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে গহপুৰৰ ১ নং বালিজান মিচিং গাঁও বাসী ৰাইজে। বছৰ বছৰ ধৰি উন্নয়নৰ…
জোনাইৰ এঘাৰ বছৰীয়া এটি শিশুৰ কৰুণ কাহিনী ।জন্মৰে পৰা দুটি চকু অবিহনে জীৱন অতিবাহিত কৰা অৰণ্য পেগু বৰ্তমান চৰ্চিত । এটি এঘাৰ বছৰীয়া শিশু । দেও দি উমলি সমনীয়াৰ সতে খেলি সোনোৱালী শৈশৱৰ আনন্দ উপভোগ কৰাৰ সময় এই শিশুটিৰ । শিশুটিৰ নাম অৰণ্য পেগু । পিছে …
সোণাৰি চাপৰিত সোমবাৰে নিশা সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড। ভস্মীভূত হ'ল ৫ খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান। ঢকুৱাখনাৰ সোণাৰি চাপৰি চাৰিআলিত সোমবাৰে নিশা ৯ বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় বহু লাখ টকাৰ সামগ্রী। শ্বৰ্টচাৰ্কি…
আজি শিল্পী দিৱস।জ্যােতিৰ কৰ্ম স্থলী ভোলাগুৰি চাহ বাগিছাত পুস্পাঞ্জলী অৰ্পন ৰাইজৰ। বিশ্ব বৰেণ্য শিল্পী জ্যােতি প্ৰসাদ আগৰৱালাৰ আজি মৃত্যু তিথি। অথাৎ ১৭ জানুৱাৰী দিনটো সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰি আহিছে শিল্পী দিৱস হিচাপে। জ্যােতিৰ কৰ্মস্থলী ভোলাগুৰি চাহ…
বিহালীত আৰক্ষীৰ দ্বাৰা ফুট মাৰ্চ, আগন্তুক ২৬ জানুৱাৰী উপলক্ষে সজাগতা মূলক পদযাত্ৰা আজি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকৰ উদ্যোগত বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰাজ নমুসুদ্ৰৰ নেতৃত্বত বৰগাং আৰক্ষী চকী, বেটেলিয়ন, চি.আৰ.পি.এফৰ জোৱান সকলে …
মই ড০ অমিয়া ভূঞা, MLA বিহপুৰীয়া, কাক কথা কৈছে ঐ'- ধমক দিয়া মহিলা আৰক্ষী বিষয়াই লগে লগে উভতি ধৰিলে বিধায়ক অমিয়ক । 'হেল্ল, গুড মৰ্ণিং, মই MLA ড০ অমিয় ভূঞা, বিহপুৰীয়া। মানুখিনি হাৰাশাস্তি নকৰিব। মোৰ এৰিয়াৰ মানুহ। মিচিং মানুহ, আপুনি নিশ্চয় জানে,…
বিহালীত আৰক্ষীৰ দ্বাৰা ফুট মাৰ্চ, আগন্তুক ২৬ জানুৱাৰী উপলক্ষে সজাগতা মূলক পদযাত্ৰা। আজি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকৰ উদ্যোগত বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰাজ নমুসুদ্ৰৰ নেতৃত্বত বৰগাং আৰক্ষী চকী, বেটেলিয়ন, চি.আৰ.পি.এফৰ জোৱান সকলে…
গোগামুখ গাওঁ পঞ্চায়তৰ উদ্যোগত ধান ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰা সন্দৰ্ভত বিশেষ গাঁও সভা। দীৰ্ঘ দিনৰ পৰা সাধাৰণ কৃষক ৰাইজে উচিত মূল্যত নিজৰ উৎপাদিত শস্য ধান বিক্ৰী কৰিব নোৱাৰাৰ অভিযোগ সঘনাই উত্থাপিত হৈ আহিছিল।এই অভিযোগক গুৰুত্ব প্ৰদান কৰি বৰ্তমানৰ বিজেপি …
হোম আইচ'লেচনত বিধায়ক অখিল গগৈ, পত্নী-পুত্ৰ আক্ৰান্ত ক'ভিডত ,মূৰৰ বিষ আৰু জ্বৰত ভুগি আছে গগৈ নিজেও। বিধায়ক অখিল গগৈয়ে এই কথা ছ'চিয়েল মিডিয়াযোগে অৱগত কৰে যে - পত্নী গীতাশ্ৰী তামুলী আৰু একমাত্ৰ পুত্ৰ নচিকেতা কোৰোনাত আক্ৰান্ত হৈছে। মূৰৰ বি…
পশ্চিমবংগত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। বহু যাত্ৰীৰ মৃত্যু হোৱাৰ সন্দেহ। লাইনচ্যুত হৈ যায় বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ। স্থানীয় লোকে জনোৱা মতে, বিয়লি হঠাৎ বিকট শব্দ শুনিবলৈ পাই তেওঁলোকে। আৰু তাৰ পিছতে ৰে'লখনৰ কেইবাটাও ডবা লাইনচ্যুত হোৱা দেখিবলৈ পায়। …
অসমৰ ৰাজধানী দিছপুৰ ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া সংবাদমেলৰ প্ৰত্যুত্তৰ দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন সাংসদ ভূপেন বৰাই। আচলতে কি হৈছিল পঞ্জাৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্য সচাঁ নেকি। আমি আগবঢ়াইছোঁ প্ৰদেশ কংগ্ৰেছৰ…
ঢকুৱাখনা সোণাৰি চাপৰিৰ ঢোলপেটাত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত এজন কিশোৰৰ মৃত্যু মাঘ বিহুৰ প্ৰাক ক্ষণত ঢকুৱাখনাৰ সোণাৰি চাপৰি উপ আৰক্ষী চকীৰ অন্তৰ্গত ঢোলপেটাত এজনৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে ন কুৰৈগুৰি অঞ্চলৰ লক্ষ্যজিৎ চুত…
১৪ বছৰ বিৰতিৰ পিছত জনপ্ৰিয় শিল্পী ভবেশ মৰাঙৰ নতুন গীতৰ শুভমুক্তি । ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বোকাখাত মহকুমাৰ মহুৰামুখৰ বংকুৱাল অঞ্চলৰ কেইবাগৰাকীও সম্ভাৱনাময় শিল্পীৰ জন্ম হৈছিল৷তাৰে ভিতৰত উল্লেখনীয় আছিল ভৱেশ মৰাং৷সেই সময়ৰ চফল…
মাঘৰ বিহুৰ উলহ মালহৰ মাজতে গহপুৰ, পদ্মপুৰৰ লংপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। স্বামী গবিন্দ মাহাতুৱে ৰদৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পত্নী পিৰীয়া মাহাতুক। প্ৰাপ্ত তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই পাষণ্ড স্বামীয়ে ৰদৰে কোবাই কোবাই হত্যা কৰে পত…
হেলেম ৰেলৱে ষ্টেচনৰ পৰা এজন কভিড পজিটিভ লোক পলায়নৰ পাছত অধিক সতৰ্ক হৈছে ৰেল আৰক্ষী আৰু হেলেমৰ স্বাস্থ্য বিভাগ । সমগ্ৰ ৰাজ্যজুৰি কৰণা মহামাৰীৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। যাৰ পৰিপেক্ষিতত অধিক সতৰ্ক হোৱা পৰিলক্ষিত হৈছে স্বাস্থ্য বিভাগৰ লোক। হেলেমৰ স্বাস…
ঢকুৱাখনা মহকুমাৰ ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ মহোৎসৱ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন। বাৰে ৰহনীয়া সাংস্কৃতিক শোভা যাত্ৰা প্ৰদৰ্শন। পুৱাই গুৰু বন্দনাৰ পিছতে ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি- বিধায়ক নৱ কুমাৰ দলেয়ে। শংক…
ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বঙাইগাঁও ৰাজীৱ ভৱন ঘেৰাও যোৱা কালি পঞ্জাৱ ভ্ৰমণত দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াক সুৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বাধীন পঞ্জাৱ চৰকাৰ খনে যি গাফিলতি তথা অৱহেলা কৰিলে সেয়া নিন্দনীয়, ঘৃণনীয় আৰু কেতিয়াও গ্ৰহ…
আজি বঙাইগাঁও জিলা ভাৰতীয় জনতাপাৰ্টি কাৰ্যালয়ত , বঙাইগাঁও জিলা সামাজিক মাধ্যম কোষৰ (Social media)এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ।সভাত সাম্প্ৰতিক সময়ত চ'ছিয়েল মিডিয়াৰ গুৰুত্ব , ব্যৱহাৰিক দিশ সমূহৰ লগতে প্ৰসাৰ আৰু প্ৰচাৰ সম্পৰ্কে আলোকপাত কৰে বঙাইগাঁও…
উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢালিগাঁও প্ৰাথমিক শাখাৰ অধিৱেশন সফল সামৰনি। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয়, সাহিত্য,সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত বঙাইগাঁও শোধনাগাৰ আৰু পে'ট্ৰ…
যোৱা কালি পঞ্জাৱ ভ্ৰমণত দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াক সুৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বাধীন পঞ্জাৱ চৰকাৰ খনে যি গাফিলতি তথা অৱহেলা কৰিলে সেয়া নিন্দনীয়, ঘৃণনীয় আৰু কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ এই ঘটনাক গৰিহণা জনাই আজি সন্ধিয়া বঙাইগাঁও জি…
ল খিমপু জিলাৰ ঘূণাসুঁতিত গড়কাপ্তানি পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি। দুৰ্নীতি হোৱাৰ বাবে নিৰ্মাণৰ কাম বন্ধ কৰিলে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে। অনিৰ্দিষ্ট কালকৈ বন্ধ কৰিলে পথৰ কাম। লখিমপুৰ জিলাৰ ঘূণাসুঁতি - দৰগে সংযোগী প্ৰায় ৮ কিলোমিটাৰ…
বিশ্বনাথ জিলাৰ নদুৱাৰ সংগীত বিদ্যাপীঠত ভাকুটকুটীয়া বেতগুটিৰ সতীৰ্থ মহামিলন। উদ্বিগ্নতা সময় কটাবলৈ নহয়। উপভোগৰ বাবেহে জীৱন। অকৃত্ৰিম হাঁহিৰ মাজতেই লুকাই আছে জীৱনৰ মহামন্ত্ৰ। এই আদৰ্শ আগত ৰাখি ৰসিক যুৱক চিত্তৰঞ্জন বৰুৱাই সামাজিক মাধ্যমত সৃষ্টি কৰিছিল …
ষড়যন্ত্ৰৰ বলি হলো অসম এৰি যোৱাৰ কথা কলে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে। সদায়ে হাঁহি মুখৰ পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ অশ্ৰসিক্ত নয়নেৰে কলে । সামাজিক ভাবে মোক মৃত্যু ঘটাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে । মই হেৰাই যাম বুলি ভাবিছিলো যদিও মই এতিয়া যুঁজিম' জয়ী…