আজি বঙাইগাঁও জিলা ভাৰতীয় জনতাপাৰ্টি কাৰ্যালয়ত , বঙাইগাঁও জিলা সামাজিক মাধ্যম কোষৰ (Social media)এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ।সভাত সাম্প্ৰতিক সময়ত চ'ছিয়েল মিডিয়াৰ গুৰুত্ব , ব্যৱহাৰিক দিশ সমূহৰ লগতে প্ৰসাৰ আৰু প্ৰচাৰ সম্পৰ্কে আলোকপাত কৰে বঙাইগাঁও জিলা সংবাদ কোষৰ(media cell) আহ্বায়ক চন্দন কুমাৰ মেধিয়ে । সভাত জিলা বিজেপিৰ সন্মানীয় সভানেত্ৰী হিমানী অধিকাৰীয়ে ভাষন প্ৰসংগত কয় যে, ভাৰতীয় জনতা পাৰ্টি সাংগঠনিক ভাৱে অধিক শক্তিশালী হোৱাৰ আন এক অন্যতম কাৰন হল সামাজিক মাধ্যমৰ বহুল প্ৰচাৰ , গুৰুত্বপুৰ্ণ ভূমিকা আৰু উপস্থাপন । লগতে তেওঁ কাৰ্যকৰ্তা সকলক বিভিন্ন দিশতো গঠনমুলক দিহা পৰামৰ্শ আগবঢ়ায় । উক্ত সভাত উপস্থিত থাকে SC মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অমল দাস, জিলা যুৱ মৰ্চাৰ সভাপতি সঞ্জয় ৰায় , জিলা বিজেপিৰ সাধাৰন সম্পাদক জ্যোতিৰ্ময় সৰকাৰ , লগতে ৯ টা মণ্ডলৰ বিষয় ববীয়া কাৰ্যকৰ্তা সকল ।সভাখন পৰিচালনা কৰে বঙাইগাঁও জিলা সামাজিক মাধ্যম কোষৰ আহ্বায়ক সুব্ৰত মণ্ডল আৰু সহ-আহ্বায়ক দধিৰাম মালোয়ে।
Tags:
politics