ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বঙাইগাঁও ৰাজীৱ ভৱন ঘেৰাও
যোৱা কালি পঞ্জাৱ ভ্ৰমণত দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াক সুৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বাধীন পঞ্জাৱ চৰকাৰ খনে যি গাফিলতি তথা অৱহেলা কৰিলে সেয়া নিন্দনীয়, ঘৃণনীয় আৰু কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ এই ঘটনাক গৰিহণা জনাই আজি সন্ধিয়া বঙাইগাঁও জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি ছনজয় ৰায়ৰ নেত্ৰীত্বত বঙাইগাঁও জিলা ৰাজীৱ ভৱন ঘেৰাও কৰি কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দিয়ে।