গোগামুখ মইনাপৰা মিচিং আদৰ্শ গাঁৱৰ নব্বৈ বছৰ গঢ়কা ইকুৰ মেদকে তাঁতশালত এতিয়াও ফুলবাছি বাস্তৱ জীৱনৰ লগত বিলীন হৈছে তেখেতৰ কৰ্মজীৱন।
বৰ্তমান সময়ত তাঁতশাল কি নৱপ্ৰজন্ম সকলৰ কিমান জ্ঞাত কিমান তাঁতশালৰ প্ৰতি সচেতন তাকে কয় গৈছে ভাৰত স্বাধীন নোহোৱা আগে গাভৰু হোৱা ইকুৰ মেদকে।মচাং এগে,তাপুম গাছৰ,গেৰ বয় উলিয়াই বিক্ৰী কৰি পোৱা টকাৰে নাতি -নাতিনীহতৰ স্কুলৰ মাচুল,কিতাপ পত্ৰ ,বহী কলমৰ খৰছ যোগান দিয়াৰ কথায়ো আমাক জনাইছে।নব্বৈ বছৰ গঢ়কা ইকুৰ মেদকৰ প্ৰথম পুত্ৰ উচ্চপদস্থ চৰকাৰী অভিযন্তা আৰু দ্বিতীয় পুত্ৰ ব্যৱসায়ীৰ লগত জড়িত।ইকুৰ মেদক আইতা এতিয়া সকলোৰে আদৰ্শ স্বৰূপ হৈ পৰিছে।সৰু কালৰে পৰা চেণ্ডেল পিন্ধিব নজনা আৰু এতিয়াও নব্বৈ বয়সতো চশমা নিপিন্ধাকৈ প্ৰতিদিনে তাঁতৰ শালত বহি বয় উলিয়াই গৈছে নানাৰঙী মিচিঙৰ মেখেলা চাদৰ।
Tags:
Art & culture