সমগ্ৰ ৰাজ্যজুৰি ২০২২চনৰ ২৬জানুৱাৰীৰ গণৰাজ্য দিৱস পালনৰ ব্যাপক প্ৰস্তুতি:
ৰাজ্যৰ স্পৰ্শকাতৰ এলেকাত সেনা আৰক্ষীৰ ব্যাপক তালাচী।
সমগ্র ভাৰতবৰ্ষ তথা ৰাষ্ট্ৰখনৰ লগতে অসমতো কটকটীয়া নিৰাপত্তা আৰু কোভিড মহামাৰীৰ প্ৰটকলৰ চৰকাৰী আইন মানি ৰাজ্য চৰকাৰে আগন্তুক 2022 চনৰ ২৬জানুৱাৰী গণৰাজ্য দিৱস পালন কৰা ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।ইতিমধ্যে প্ৰাপ্ত বাতৰি মতে সমগ্র ৰাজ্যজুৰি জিলা আৰু মহুকুমা এলেকাৰ স্পৰ্শকাতৰ অঞ্চলত সেনা আৰু আৰক্ষী বাহিনীয়ে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে ।ইফালে নিষিদ্ধ ঘোষিত বিদ্ৰোহী উগ্ৰপন্থী সংগঠন একাংশই উক্ত দিনা বন্ধ আৰু বিশেষ কূটাঘাত মূলক কাৰ্য্যৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰাত চৰকাৰী পক্ষই কিছু সকাহ লাভ কৰা বুলি বিশেষ সূত্ৰত প্ৰকাশ পাইছে।যদিও তাৰ মাজতেই ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আগন্তুক ২৬জানুৱাৰী গণৰাজ্য দিৱস ত কোন মন্ত্ৰী কত ত্ৰিৰংগ পতাকা উত্তোলন কৰিব ইয়াৰ এক তালিকা প্ৰকাশ কৰিছে।সেইমতে আমালৈ অহা তথ্য মতে ক্ৰমে ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয় ভাবে গণৰাজ্য দিৱসৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিব অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে ।আৰু ইয়াত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । ইফালে আন আন মন্ত্ৰী সভাৰ সদস্য সকলে এই গণৰাজ্য দিৱসৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিব ক্ৰমে কৃষি মন্ত্ৰী অতুল বৰাই যোৰহাট জিলা সদৰত ,উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গোৱালপাৰা জিলাত ,শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুয়ে শোণিতপুৰ জিলাত , স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ডিব্ৰুগড় ত,মন্ত্ৰী উৰখাওঁ গৌড়া ব্ৰহ্মই তামুলপুৰ ত,বনমন্ত্ৰী পৰিমল শুক্লবদ্যই বঙাইগাঁও জিলা সদৰত ,মন্ত্ৰী ৰঞ্জিত দাসে নলবাৰী জিলাত ,বিত্তমন্ত্ৰী অজন্তা নেওগে নগাঁও জিলাত ,মন্ত্ৰী যোগেন মোহনে লখিমপুৰ জিলাত ,জলসম্পদ আৰু তথ্যজনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই তিনিচুকীয়া জিলাত ,মন্ত্ৰী সঞ্জয় কিষানে গোলাঘাট জিলাত আৰু মন্ত্ৰী অশোক সিংহালে কাছাৰ জিলাত পতাকা উত্তোলন কৰিব।একেদৰে বিটিএদি এলেকাত ইয়াৰ ৰাজধানী চহৰ কোকৰাঝাৰ জিলা সদৰত গণৰাজ্য দিৱসৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ।এফালে একেদৰে কেতবোৰ পৰিষদিও এলেকাত নিজ নিজ কাৰ্যবাহী প্ৰধানে এই ত্ৰিৰংগ পতাকা উত্তোলন কৰিব বুলি প্ৰকাশ কৰাৰ লগতে আন কেতবোৰ জিলা আৰু মহুকুমা এলেকাত ত্ৰিৰংগ পতাকা উত্তোলন কৰিব জিলা উপায়ুক্ত আৰু মহুকুমাধিপতি বিষয়াই বুলি বাতৰিটোত জানিব পৰা গৈছে।
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।